ETV Bharat / bharat

সংবিধানখন হৈছে বাইবেল, গীতা আৰু কোৰাণৰ চৰকাৰ : ভিকে অগ্নিহত্ৰি - ভিকে অগ্নিহত্ৰি

ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত ভাৰতৰ সংবিধানৰ বিভিন্ন বৈশিষ্ট্য, গুণ, বিশেষত্ব আদিৰ বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যসভাৰ প্ৰাক্তন সাধাৰণ সচিব ভিকে অগ্নিহত্ৰিৰ ৷

Constitution is Bible, Geeta and Quran of governence: V. K Agnihotri
সংবিধানখন হৈছে বাইবেল, গীতা আৰু কোৰাণৰ চৰকাৰ : ভিকে অগ্নিহত্ৰি
author img

By

Published : Jan 23, 2020, 11:18 PM IST

নেশ্যনেল ডেস্ক,23 জানুৱাৰী : সমগ্ৰ দেশ বৰ্তমান 71 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতিত পূৰাদমে ব্যস্ত৷ গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহুৰ্তত ইটিভি ভাৰতৰ সৈতে 2007 ৰ পৰা 2012 লৈকে ৰাজ্যসভাৰ সাধাৰণ সচিব হিচাপে কৰ্মৰত ভাৰতীয় প্ৰশাসনিক বিষয়া ভি কে অগ্নিহত্ৰিৰ মত বিনিময় ৷
ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰত তেখেতৰ ৰাজ্যসভাৰ কাৰ্যকালৰ অভিজ্ঞতা আৰু ভাৰতীয় সংবিধানৰ বিশেষত্বও সংবিধানৰ দৃঢ়তা আৰু শিথিলতাৰ সন্দৰ্ভত মন্তব্য দিয়ে ভি কে অগ্নিহত্ৰিয়ে ৷

# আপুনি ভাৱেনে সংবিধানখন প্ৰথম ৰচনা কৰোঁতে সংবিধানখনকলৈ দেশবাসীৰ যথেষ্ট সপোন, আশা আৰু উৎসাহ আছিল ৷ বৰ্তমান আপুনি কিমান পৰ্যন্ত এই দিশবোৰ পূৰণ হৈছে বুলি ভাৱে ?
উ: মোৰ ধাৰণাত বহু পৰ্যন্ত সংবিধান খন হৈছে এনে এখন দস্তাবেজ য'ত কিছু আশা ও প্ৰেৰণা আৰু নিৰ্দেশ- পৰামৰ্শ আছে যাৰ ভিত্তিত চৰকাৰৰ বিভিন্ন বিভাগ বা দপ্তৰ সংসদ,ন্যায়পালিকা আৰু কাৰ্যপালিকাই স্বতন্ত্ৰ ভাৱে নিজক পৰিচালনা কৰিব লাগে৷ সংবিধানে ব্যাপক কৰ্মৰাজি ৰূপ দিয়ে আৰু বহু বিষয়ক নিৰ্দিষ্ট নকৰে৷ নিঃসন্দেহে 395 অনুচ্ছেদৰে আমাৰ সংবিধানখন পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান ৷ নিশ্চিত ৰূপে কিছু বছৰত সংবিধানখনৰ কিছুমান পৰিৰ্ৱতন ঘটিছে৷ কিন্তু যদি গুৰুত্বসহকাৰে লক্ষ্য কৰা হয় তেন্তে দেখিম যিবিলাক পৰিৱৰ্তন হৈছে বা কৰা হৈছে সমাজৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে, কিয়নো সময়ৰ লগে লগে জনসাধাৰণৰ আশা-আকংশাবোৰ সলনি হৈছে ৷ গতিকে সময়ে সময়ে সংবিধানখন সলনি কৰাটো প্ৰয়োজনীয় , সেয়হে সময়ৰ ব্যৱধানত সংবিধানখন সংশোধন কৰি অহা হৈছে৷ হয়, কিছুমান পৰিৱৰ্তনে সংবিধানখনৰ মূল গাঁঠনি বা ধাৰণাৰ অনুৰূপ নহয় আৰু তেতিয়া বিষয়টো উচ্চতম ন্যায়লয়ৰ ওচৰলৈ যায় ৷ এই পৰিৱৰ্তনবোৰৰ কিছুমানক উচ্চতম ন্যায়লয়ত প্ৰত্যাহাৰ কৰা হ'ল আৰু কিছু পৰিৱৰ্তনক মঞ্জুৰ কৰি নতুনকৈ সংবিধানত সংযোজন কৰা হ'ল৷

ইটিভি ভাৰতৰ সৈতে ভাৰতীয় সংবিধান সন্দৰ্ভত ভিকে অগ্নিহত্ৰিৰ সৈতে বাৰ্তালাপ
# এইটোৱে কাৰণ নেকি যাৰ বাবে ভাৰতীয় সংবিধানক জীৱিত দস্তাবেজ কোৱা হয়,যি নেকি সময়ৰ পৰিৱৰ্তনৰ গতিশীলতাক পূৰ্ণ কৰে ? উ: হয়, ভাৰতীয় সংবিধানখন এখন জীৱিত দস্তাবেজ ৷ কিয়নো সংবিধানখন সংশোধনৰ বাবে এক বিশেষ জটিল প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও সংবিধানত এনে প্ৰক্ৰিয়াও সন্নিবিষ্ট কৰা হৈছে সংবিধান সংশোধনৰ প্ৰক্ৰিয়া প্ৰয়োজন নোহোৱাকৈয়ে চৰকাৰে সংবিধানখন সংশোধন কৰিব পাৰে ৷ উদাহৰণস্বৰূপে অনুচ্ছেদ 370 ৷ অনুচ্ছেদ 370 কৰ্তনৰ বাবে চৰকাৰক সংবিধানখন সংশোধন প্ৰক্ৰিয়া অনুসৰণ কৰাৰ প্ৰয়োজন হোৱা নাছিল৷ কিন্তু মূল প্ৰক্ৰিয়াত সংবিধান সংশোধন বিধেয়ক এখন দুইখন সদন লোকসভা আৰু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ ভোট লাভ কৰি অনুমোদিত হ'লহে সংবিধান সংশোধন বিধেয়কখন আইনত পৰিণত হয় , যদি কোনো এটা সদনৰ অনুমোদন লাভ কৰাত ব্যৰ্থ হয় তেন্তে সংবিধান সংশোধন সম্ভৱ নহয় ৷

# নাগৰিকত্ব সংশোধনী আইনকলৈ 60 খন ৰীট্ছ আবেদন উচ্চতম ন্যায়লয়ত দাখিল হৈছে ৷ তাৰে অধিক সংখ্যক আবেদনে সংবিধানে নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰ সমতা অধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে, যিটো ভাৰতীয় সংবিধানৰ বুনিয়াদ ৷ আপুনি এই সন্দৰ্ভত কি ক'ব বিচাৰে ?
উ: প্ৰথমতে, নাগৰিকত্ব সংশোধনী আইন সংবিধানৰ অংশ নহয় ৷ এইখন এখন সাধাৰণ আইন যাক সংশোধন কৰা হৈছে ৷ এইখন সংবিধান সংশোধনী আইন নহয় ৷ কিন্তু দুটা বিশেষ ক্ষেত্ৰত আইনখনে প্ৰত্যাহ্বান আনিছে৷ তাৰে এটা হ'ল সংবিধানৰ বৈশিষ্ট্য ধৰ্মনিৰপেক্ষতাৰ উলংঘন ৷ কাৰণ এই আইনখনে বহিঃদেশত পীড়িত হৈ থকা মুছলমান ধৰ্মৰ লোকক অন্তৰ্ভুক্ত কৰা নাই ৷ আনটো হৈছে সমতাৰ অধিকাৰ বা আইনৰ চকুত সকলো সমান এই নীতিৰ উলংঘন৷ কিন্তু বৰ্তমান আমি আইনখনৰ সন্দৰ্ভত উচ্চতম ন্যায়লয়ৰ ৰায়দানৰ বাবে অপেক্ষা কৰিব লাগিব৷ কিয়নো দুয়োখন সদনত গৃহীত হোৱাৰ পিছতহে এই বিধেয়কখনে আইনৰ ৰূপ পাইছে ৷ আৰু এবাৰ কোনো এখন বিধেয়কখন সংসদত গৃহীত হোৱাৰ পাছত কেৱল ন্যায়পালিকাৰহে আইনখনৰ বৈধতা সম্পৰ্কে বিচাৰ কৰাৰ ক্ষমতা থাকে ৷ কিন্তু ৰাজ্যবোৰে এইটো ক'ব নোৱাৰে যে উচ্চতম ন্যায়লয়ে আইনখনৰ বৈধতাৰ ওপৰত নিৰ্ণয় নোলোৱালৈকে আইনখনক ৰাজ্যত কাৰ্যকৰী হ'ব নিদিওঁ ৷ কিন্তু আইনখন সংবিধানৰ অংশ নহয় বুলি ৰাজ্যত কাৰ্যকৰী হ'বলৈ নিদিয়াকৈ ৰাখিব পাৰে ৷

দ্বিতীয়তে, অনুচ্ছেদ 256 অনুসৰি সংসদে প্ৰণয়ন কৰা আইন ৰাজ্যত কাৰ্যকৰী কৰিব লাগে ৷ কিয়নো সংসদে প্ৰণয়ন কৰা প্ৰতি মানি চলাটো ৰাজ্যসমূহৰ দায়িত্ব ৷

# আপুনি আপোনাৰ সময়ত আৰু বৰ্তমান সময়ত সংসদত হোৱা বক্তৃতাৰ গুণগত মানদণ্ড কেনদৰে চায় ? আপুনি ইয়াৰ মান কেনেদৰে জোখে ?

উ: এইটো অতি চিন্তনীয় বিষয়৷ এই সন্দৰ্ভত আমাৰ দেশৰ উপৰাষ্ট্ৰপতি মন্তব্য দিছে ৰাজ্যসভাত হোৱা বক্তৃতা গুণগতমান কিছু বছৰৰ কমি আহিছে ৷ ৰাজ্যসভাৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত ক'বলৈ হ'লে ৰাজ্যসভাক উচ্চসদন হিচাপে গঠন কৰা হৈছিল এই বাবেই হৈছিল যাতে ইয়াত উচ্চমানদণ্ডৰ গুণগত বক্তৃতা বা আলোচনা হ'ব আৰু প্ৰথম অৱস্থাত হৈছিল ৷ ইয়াক উচ্চ বা জ্যেষ্ঠ হিচাপে চোৱা হৈছিল, যাতে ই নিম্ন বা কণিষ্ঠ সদন লোকসভাক আইন প্ৰণয়নত পৰামৰ্শ দিব পাৰে৷ কিন্তু কিছুবছৰে বহু বিষয়ট পৰিৱৰ্তন আহিছে ৷ বৰ্তমান ই কাৰিকৰীভাৱে ৰাজ্যসভা হৈ থকা নাই ৷ এসময়ত এখন ৰাজ্যৰ ওপৰত বিশদ জ্ঞান থকা ব্যক্তিক হে ৰাজ্যসভাৰ সদস্য বনোৱা হৈছিল ৷ কিন্তু বৰ্তমান ৰাজ্যসভালৈ এনেকুৱা কিছুমান ব্যক্তি মনোনিত কৰা হয়, যিসকলৰ ৰাজ্যখনৰ ওপৰত কোনো জ্ঞান নথকাৰ লগতে শাসনৰ বা সামাজিক কাৰ্যৰ অভিজ্ঞতা নাথাকে ৷

# আপোনাৰ মতে ভাৰতীয় সংবিধানৰ প্ৰধান প্ৰত্যাহ্বান কি হ'ব পাৰে ?

উ: ভাৰতীয় সংবিধানৰ বহু কেইটা প্ৰত্যাহ্বান আপোনাৰ সন্মুখতে আছে ৷ অনুচ্ছেদ 370 আৰু নাগিৰকত্ব সংশোধনী আইনৰ আন্দোলনে দেশক তীব্ৰ জোঁকাৰণি দিলে যে দেশে কেনেধৰণৰ গুৰত্বৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব লাগিব৷ কিন্তু মই কোৱাৰ দৰে যদি সংসদে সংবিধানৰ মৌলিক গাঁঠনি পালন কৰে বা উলংঘন নকৰে , তেন্তে ভৱিষ্যতে কোনোধৰণৰ প্ৰত্যাহ্বান সন্মুখীন নহয় ৷ সংবিধানখন হৈছে বাইবেল, গীতা আৰু কোৰাণৰ চৰকাৰ ৷

লগতে পঢ়ক:হ্ৰাস পাইছে ভাৰতৰ গনতন্ত্ৰৰ মৰ্যাদাঃ এক প্ৰতিবেদন

Intro:Body:

Blnka

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.