ETV Bharat / bharat

গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্তক আদৰণি কংগ্ৰেছৰ

author img

By

Published : Apr 30, 2020, 3:07 PM IST

লক ডাউনত ছাত্ৰ আৰু অভিবাসী শ্ৰমিক সকলক চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰা গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে কংগ্ৰেছে । ইয়াৰ লগতে যাত্ৰীৰ সুবিধাৰ বাবে চেনিটাইজ ৰে'ল চলাচল কৰাৰো দাবী কংগ্ৰেছৰ ।

লক ডাউন
লক ডাউন

নিউজ ডেস্ক,30 এপ্ৰিলঃ বুধবাৰে ভাৰতৰ গৃহ মন্ত্ৰালয়ে লক ডাউনত আবদ্ধ হৈ থকা ছাত্ৰ, অভিবাসী শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শ্ৰমিক সকলক চলাচলৰ বাবে সিদ্ধান্ত লৈ এক নিৰ্দেশনা জাৰি কৰিছে । চৰকাৰৰ এই নিৰ্দেশনাক আদৰণি জনাইছে কংগ্ৰেছে ।

এই সিদ্ধান্তক আদৰণি জনাই কংগ্ৰেছৰ জেষ্ঠ্য নেতা আৰু প্ৰাক্তন কেবিনেট মন্ত্ৰী পি চিদাম্বৰমে কয় যে, বাছৰ চলাচলেই পৰ্যাপ্ত নহ'ব । সেয়ে চেনিটাইজ ৰে'লৰ চলাচলো কৰাব লাগে। যাতে তেওঁলোক নিজ ঘৰলৈ সহজে যাব পাৰে ।

  • I welcome the decision of the government to allow inter-state movement of migrant workers and students after testing them by bus.

    This has been a demand of the Congress party since mid-April.

    — P. Chidambaram (@PChidambaram_IN) April 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে আন এজন জেষ্ঠ্য কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ বিৰোধী নেতা গোলাম নবী আজাদে কাশ্মীৰৰ বহু ছাত্ৰ বাংলাদেশত আবদ্ধ হৈ থকাৰ কথা অৱগত কৰি ৰাজ্য তথা দেশৰ বাহিৰত আবদ্ধ হৈ থকা ছাত্ৰ আৰু শ্ৰমিকক উভতাই আনিবলৈ আহ্বান জনাই ।

  • अकेले बसें पर्याप्त नहीं होंगी। बेहतर होगा कि सेनीटाइज करके ट्रेन से अपने गृह राज्य में वापस जाने की इच्छा रखने वाले बड़ी संख्या में लोगों को पॉइंट टू पॉइंट स्थानांतरित किया जाए।

ইপিনে আন এজন কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়েও এই সিদ্ধান্তক আদৰণি জনাই চৰকাৰক আহ্বান জনাই যাতে এই যাত্ৰী সকলে ল'বলগীয়া সাবধানতা সমূহ অৱলম্বন কৰোৱাৰ ক্ষেত্ৰত ব্যৱস্থা লয় ।

বুধবাৰে কেন্দ্ৰই আন্তঃৰাজ্যিক বাছ পৰিবহনৰ বাবে এক নিৰ্দেশনা সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.