নিউজ ডেস্ক, ১৪ মে' : বৃহস্পতিবাৰে বিজেপিয়ে কংগ্ৰেছ দলৰ ওপৰত অভিযোগ উত্থাপন কৰি পলাতক নীৰৱ মোডীৰ প্ৰত্যাৱৰ্তনত বাধাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ইংলেণ্ডৰ আদালতত চলি থকা নীৰৱ মোডীৰ প্ৰত্য়াৱৰ্তন গোচৰত দলটোৰ এগৰাকী নেতা তথা উচ্চ ন্য়ায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশে বিধি-পথালি দিছে বুলি অভিযোগ উত্থাপন কৰে ।
ৰবিশংকৰ প্ৰসাদে এক ভিডিঅ' কনফাৰেন্সযোগে সংবামমাধ্যমক সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে । আইনমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নীৰৱ মোডীৰ আত্মপক্ষৰ হৈ ওকালতি কৰা অভয় থিপছিয়ে কংগ্ৰেছ দলৰ নিৰ্দেশতে এই কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰে । কংগ্ৰেছে নীৰৱ মোডীক জামিন প্ৰদান কৰিবলৈ সকলো সম্ভৱপৰ কাম কৰিবৰ চেষ্টা অব্য়াহত ৰাখিছে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে প্ৰসাদে ।
ৰবিশংকৰ প্ৰসাদে কোৱা অনুসৰি, ৰাহুল গান্ধী, অশোক গেহলট আৰু অশোক ছাভানৰ দৰে নেতাৰ নিৰ্দেশত কংগ্ৰেছত যোগদান কৰি এই কাম কৰি আছে অজয় থিপছিয়ে । কংগ্ৰেছে নীৰৱ মোডীৰ লগতে তেওঁৰ খুৰাক মেহুল ছোকছিক বচাবলৈ সকলো প্ৰচেষ্টা কৰি আছে যদিও আমি কংগ্ৰেছৰ মুখা খুলি দিম বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে প্ৰসাদে । ভাৰতীয় অনুসন্ধানকাৰী সংস্থাই থিপছিৰ এই কাৰ্যৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব ।
উল্লেখ্য যে, ভাৰতৰ পৰা পলাই যোৱা নীৰৱ মোডীক ভাৰত চৰকাৰৰ নিৰ্দেশতে ইংলেণ্ডৰ গৃহ বিভাগে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত স্কটলেম্ড য়াৰ্দৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু ৱান্দছৱৰ্থ জেলত বন্দী কৰি ৰাখিছে । ইতিমধ্যে ভাৰত চৰকাৰে নীৰৱ মোডীৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত ইংলেণ্ডৰ সৈতে সকলো ন্যায়িক কাম-কাজ আৰম্ভ কৰিছে ।