ETV Bharat / bharat

প্ৰতিষ্ঠা দিৱস উপলক্ষে ‘তিৰংগা যাত্ৰা’ৰ আয়োজন জাতীয় কংগ্ৰেছৰ

author img

By

Published : Dec 28, 2020, 8:36 AM IST

সোমবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 136 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চ’ছিয়েল মিডিয়াযোগে ‘চেল্ফী উইথ তিৰংগা’ অভিযানৰ আয়োজন কৰিছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে ৷ জিলা মুখ্য কাৰ্যালয় আৰু দলীয় কাৰ্যালয়সমূহত সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে উদযাপন কৰিব দলীয় প্ৰতিষ্ঠা দিৱস ৷

Congress foundation day
জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

নেশ্যনেল ডেস্ক,28 ডিচেম্বৰ : সৰ্বভাৰতীয় কংগ্ৰেছ কমিটী (AICC)য়ে সোমবাৰে দলীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লেখীয়াকৈ আয়োজন কৰিছে ‘তিৰংগা যাত্ৰা’ কাৰ্যসূচী ৷ সেই উদ্দেশ্যে চ’ছিয়েল মিডিয়াযোগে ‘চেল্ফী উইথ তিৰংগা’ অভিযানৰ আয়োজন কৰিছে জাতীয় কংগ্ৰেছ সমিতিয়ে ৷

জাতীয় কংগ্ৰেছৰ 136 সংখ্যক প্ৰতিষ্ঠা দিৱসত দলটোৱে এক প্ৰেছ বিবৃতিযোগে জনায় যে, জিলা মুখ্য কাৰ্যালয় আৰু দলীয় কাৰ্যালয়সমূহত তেওঁলোকে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব ৷

সকলো কংগ্ৰেছ বিধায়ক, সাংসদক এই অনুষ্ঠানত ভাগ ল’বলৈ অনুৰোধ জনোৱা হয় ৷ সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠান উপভোগ কৰাৰ লগতে অব্যাহত থকা কৃষক বিদ্ৰোহ সন্দৰ্ভত বৈঠকত মিলিত হ’ব কংগ্ৰেছ নেতাসকল ৷ কংগ্ৰেছে সদায় গণতান্ত্ৰিক, নিৰপেক্ষ আৰু একত্ৰিত ভাৰত গঢ়াত মুখ্য ভুমিকা পালন কৰি অহা বুলি দলীয় সদস্যই এই কথা উল্লেখ কৰে ৷

উল্লেখ্য যে, 1885 চনৰ 28 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল ৷ সেই বৰ্ষৰে 31 ডিচেম্বৰত বোম্বে (বৰ্তমানৰ মুম্বাই)ত দলটোৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল অধিবক্তা উমেশ চন্দ্ৰ বেনাৰ্জী ৷

লগতে পঢ়ক : সামুদ্ৰিক অনুশীলনত অংশগ্ৰহণ ভাৰত-ভিয়েটনামৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.