ETV Bharat / bharat

ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন

author img

By

Published : Nov 21, 2020, 7:51 PM IST

ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ এপ প্ৰস্তুতৰ কাম অব্যাহত আছে ৷ এছ.আই.চি.চি.ৰ টেকন‘লজিৰ দলে ইয়াৰ কাম অব্যাহত ৰাখিছে ৷ প্ৰত্যেক গৰাকী ডেলিগেট্চক এটা উচ্চ ছিকিউৰিটি সম্পন্ন কোডৰ লগতে কিউ আৰ কোড প্ৰদান কৰা হ‘ব ৷ য‘ত সদস্যগৰাকীৰ সকলো তথ্য উপলব্ধ হ‘ব ৷

Congress mulling to conduct digital voting for party president elections
ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন

নিউজ ডেস্ক, 21 নৱেম্বৰ : কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ জো-জা কংগ্ৰেছৰ ভিতৰচৰাত পুনৰ এবাৰ আৰম্ভ হৈ পৰিছে ৷ অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ কেন্দ্ৰীয় নিৰ্বাচনী কৰ্তৃপক্ষই নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

সদ্যহতে প্ৰত্যেকখন ৰাজ্যৰ এছ.আই.চি.চি. ডেলিগেট্চৰ তালিকা সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত আছে ৷ উল্লেখ্য যে, এইবাৰৰ এপৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰাই কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত কৰোৱা হ‘ব ৷ ইয়াৰ বাবে সম্প্ৰতি ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ এপ প্ৰস্তুতৰ কাম অব্যাহত আছে ৷ এছ.আই.চি.চি.ৰ টেকন‘লজিৰ দলে ইয়াৰ কাম অব্যাহত ৰাখিছে ৷ প্ৰত্যেক গৰাকী ডেলিগেট্চক এটা উচ্চ ছিকিউৰিটি সম্পন্ন কোডৰ লগতে কিউ আৰ কোড প্ৰদান কৰা হ‘ব ৷ য‘ত সদস্যগৰাকীৰ সকলো তথ্য উপলব্ধ হ‘ব ৷ এই এপৰ দ্বাৰাই সদস্যগৰাকীয়ে নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোটদান কৰিব পাৰিব ৷

লগতে পঢ়ক: বেংক ডকাইতিৰ বুজ ল’লে ডিআইজি ব্ৰজেনজিৎ সিনহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.