ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ পলিটিকেল ড্ৰামাঃ আজি কংগ্ৰেছ-এন চি পিৰ বৈঠকৰ সম্ভাৱনা !

author img

By

Published : Nov 12, 2019, 2:14 PM IST

এন চি পিৰ সৈতে মিত্ৰতা সন্দৰ্ভত বৈঠকৰ বাবে মুম্বাইত উপস্থিত কংগ্ৰেছ নেতা মল্লিকা অৰ্জুন খৰ্গে ৷ মঙলবাৰৰ ভিতৰত ছবি স্পষ্ট হোৱাৰ সম্ভাৱনা ৷

মহাৰাষ্ট্ৰৰ পলিটিকেল ড্ৰামা

নিউজ ডেস্ক, 12 নৱেম্বৰঃ নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ প্ৰায় 18 দিনৰ অন্তত ক্ৰমাৎ যেন অৱসান ঘটিব ধৰিছে মহাৰাষ্ট্ৰত চৰকাৰ গঠনক লৈ চলা হাই ভল্টেজ পলিটিকেল নাটকখনৰ ৷ সোমবাৰে শিৱসেনাই ৰাজ্যপাল ভগত সিং ক'ছয়াৰিক চৰকাৰ গঠনৰ প্ৰস্তাৱ দিয়াৰ পাচতেই মঙলবাৰে এন চি পিৰ(NCP) নেতাৰ সৈতে বৈঠকৰ উদ্দেশ্যে মুম্বাইত উপস্থিত হয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকা অৰ্জুন খৰ্গে আৰু আহমেদ পেটেল ৷ ৰাজ্যখনৰ ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি সম্ভৱত মঙলবাৰৰ ভিতৰত স্পষ্ট হ'ব সম্পূৰ্ণ ছবিখন ৷

এন চি পিৰ বৈঠক সন্দৰ্ভত মল্লিকা অৰ্জুন খৰ্গে

লগতে পঢ়কঃ মহাৰাষ্ট্ৰত সমাপ্ত হোৱাৰ দিশে চৰকাৰ গঠনৰ হাইভল্টেজ ড্ৰামা !

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকা অৰ্জুন খৰ্গেই মন্তব্য কৰে যে, মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি এন চি পি(NCP) দলৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰিছিলো ৷ আমি দুয়োটা দলে আলোচনাৰ মাধ্যমৰে মিত্ৰতা সন্দৰ্ভত কোনো এটি সিদ্বান্ত উপনীত হ'ম ৷ কংগ্ৰেছ নেতাগৰাকীয়ে লগতে জনায় যে, ছোনিয়া গান্ধী আৰু শাৰদ পাৱাৰে ইতিমধ্যে বিষয়টো সন্দৰ্ভত বাৰ্তালাপ কৰিছে ৷ দুয়োটি দল আকৌ এবাৰ বৈঠকত মিলিত হৈ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

উল্লখ্য যে, সদ্যঘোষিত বিধানসভা নিৰ্বাচনত ৰাজ্যখনত বিজেপিয়ে সৰ্বমুঠ 105 আসন লাভ কৰাৰ বিপৰীতে শিৱসেনাই লাভ কৰিছিল 56 আসন ৷ আনহাতে, এন চি পিয়ে লাভ কৰিছিল 54 আসন আৰু কংগ্ৰেছে লাভ কৰিছিল 44 আসন ৷ প্ৰথমৱস্থাত বিজেপি আৰু শিৱসেনাই চৰকাৰ গঠন কৰাৰ কথা আছিল যদিও দুয়োটা দলৰ মাজতে মুখ্যমন্ত্ৰীৰ পদক লৈ সৃষ্টি হয় মতানৈক্যৰ ৷ ৰাজ্যখনৰ ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি শিৱসেনা,এন চি পি আৰু কংগ্ৰেছে মহাৰাষ্ট্ৰত গঠন কৰাৰ সম্ভাৱনা আছে ৷

Intro:Body:

for udit da

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.