নিউজ ডেস্ক, ২১ মে': কৰ্ণাটকৰ শিৱমোংগাত কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ বিৰুদ্ধে দাখিল কৰা হয় গোচৰ । প্ৰধানমন্ত্ৰী কেয়াৰ ফাউণ্ডৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিজেপিয়ে । পৰিপ্ৰেক্ষিতত বৃহস্পিতবাৰে বিজেপিৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে কংগ্ৰেছ দলে । শাসক দল বিজেপিয়ে একনায়কত্ববাদ মানসিকতা প্ৰদৰ্শন কৰাৰ উদ্দেশ্যই এই গোচৰ ৰুজু কৰিছে বুলিও মন্তব্য় কৰে কংগ্ৰেছ দলে ।
বৃহস্পতিবাৰে কংগ্ৰেছৰ মুখপাত্ৰ জয়বীৰ চেৰগিলে এক বিবৃতিযোগে কয় যে, "প্ৰধানমন্ত্ৰী কেয়াৰ ফাউণ্ড সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই কৰ্ণাটকৰ শিৱমোংগাত ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ইয়াৰ দ্বাৰাই শাসক দল বিজেপি একনায়কত্ববাদ মানসিকতাৰ চৰিত্ৰ প্ৰতিফলিত হৈছে ।
লগতে কয়, এয়া কেৱল ঘটনা সন্দৰ্ভৰ পৰা বিজেপি যাতে ফালৰি কাটিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, কে ভি প্ৰবীণ নামৰ ব্যক্তিজনে ৰুজু কৰা গোচৰত ছোনিয়া গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে যে, কংগ্ৰেছ দলে ১১ মে'ত ধাৰা ১৫৩/৫০৫ IPCA ৰ অধীনত প্ৰধানমন্ত্ৰী কেয়াৰ ফাউণ্ডৰ বিষয়ে বিভ্ৰান্তিমূলক টুইট কৰে ।
আনহাতে, কংগ্ৰেছে প্ৰধানমন্ত্ৰী কেয়াৰ ফাউণ্ড সন্দৰ্ভত অভিযোগ উত্থাপন কৰি তাৰ নিৰীক্ষণ কৰিবলৈ দাবী জনাই ।