নিউজ ডেস্ক, 22 ডিচেম্বৰ : সীমা সুৰক্ষা বাহিনী আৰু ব'ৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ মাজত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে বিশেষ সন্মিলন ৷ গুৱাহাটীস্থিত বিএছএফৰ ক্ষেত্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হৈছে সন্মিলন খন ৷
বিএছএফ আৰু বিজিবিৰ মাজত 22 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা 51 সংখ্যক মহানিৰ্দেশক পৰ্যায়ৰ সীমান্ত সহযোগী সন্মিলনখন অহা 26 ডিচেম্বৰত অন্ত পৰিব ৷ আনহাতে প্ৰথমবাৰৰ বাবে এইদৰে অৰ্ধ বছৰেকীয়া সন্মিলন আয়োজন কৰা হৈছে ভাৰত আৰু বাংলাদেশৰ দুয়োটা বাহিনীৰ মাজত ৷ বিএছএফৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে এই কথা ৷ সন্মিলনত দুয়োখন দেশৰ সীমান্তৱৰ্তী অঞ্চলৰ লগতে অঞ্চলত বাস কৰা লোকসকলৰ অৱস্থাৰ উন্নতিৰ বাবে আলোচনাত মিলিত হয় দুয়োটা বাহিনী ৷
বিএছএফৰ মহানিৰ্দেশক ৰাকেশ আস্থানাৰ নেতৃত্বত বিএছএফৰ প্ৰতিনিধি দলটোৱে সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে, বিজিবিৰ হৈ মহানিৰ্দেশক মেজৰ জেন. শ্বফীউল ইছলামৰ নেতৃত্বত অহা প্ৰতিনিধি দলেও অংশগ্ৰহণ কৰে ৷ আনহাতে আলোচনাৰ মাজতে দুয়ো পক্ষই চুক্তিপত্ৰত স্বাক্ষৰ কৰাৰ লগতে বিএছএফৰ তৰফৰ পৰা বিষয়াসকলক গাৰ্ড অৱ অ'নাৰ প্ৰদান কৰা হয় ৷
লগতে পঢ়ক : পুলৱামাত জয়ী পিডিপি নেতা ৱাহেদ পাৰা