ETV Bharat / bharat

মুজফ্ফপুৰ আদালতত চীনা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Mar 16, 2020, 7:47 PM IST

চীনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মুজফ্ফৰপুৰত গোচৰ ৰুজু ৷ 11 এপ্ৰিলত এই গোচৰৰ শুনানি গ্ৰহণ ৷

মুজফ্ফপুৰ আদালত
চীনা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গোচৰ ৰুজু

নেশ্যনেল ডেস্ক, 16 মাৰ্চ : চীনা ৰাষ্ট্ৰপতি জি ঝিনপিং আৰু ভাৰতস্থিত চীনা ৰাষ্ট্ৰদূত ছুন ৱেইডোঙৰ বিৰুদ্ধে মুজফ্ফৰপুৰৰ এখন আদালতত সোমবাৰে ৰুজু হৈছে এটা গোচৰ ৷ কৰ'ণাভাইৰাছ বিয়পোৱাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন কৰি এই গোচৰ ৰুজু কৰা হৈছে ৷

উল্লেখ্য যে 11 এপ্ৰিলৰ দিনা এই বিষয়ত আদালতৰ মুখ্য ন্যায়াধীশে শুনানি গ্ৰহণ কৰিব ৷

অধিবক্তা সুধীৰ কুমাৰ ঝায়ে গোচৰ ৰুজু কৰি অভিযোগ কৰে যে, ঝিনপিং আৰু ৱেইডোঙে কৰ'ণাভাইৰাছ বিয়পোৱাৰ ষড়যন্ত্ৰ কৰিছে ৷

ভাৰতত বৰ্তমানলৈকে 110 তকৈ অধিক লোক কৰ'ণাভাইৰাছত আক্ৰান্তৰ হোৱাৰ তথ্য লাভ কৰাৰ পাচতে এই গোচৰ ৰুজু কৰা হয় ৷ এই 110 জনৰে 17 জনেই বিদেশী নাগৰিক বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে বৰ্তমানলৈকে কৰ'ণাভাইৰাছৰ ফলত 100 ৰো অধিক দেশৰ 5,000 তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে প্ৰায় 1,30,000 লোক ৷

আৰু পঢ়ক : কৰ'নাৰ আতংকঃ অত্যাধিক কয়দীয়ে অস্বস্তিত পেলাইছে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.