নিউজ ডেস্ক, 25 নৱেম্বৰ : ভাৰতীয় উপকুলৰক্ষী বাহিনীয়ে বুধবাৰে তামিলনাড়ুৰ তোতিকোৰিণৰ থাৰুবিকুলমৰ সাগৰৰ পৰা আঠজনীয়া এটা মাছমৰীয়াৰ দলক এখন টুনা-লাইনাৰ নাওৰ পৰা উদ্ধাৰ কৰে ৷
তোতিকোৰিণ এম. আৰ. এছ. ছি. (মেৰিন ৰেস্কিউ চাৱ চেন্টাৰ)ত বুধবাৰে দুপৰীয়া প্ৰায় 2:25 বজাত তোতিকোৰিণৰ ভি.অ.চি. পোৰ্টৰ পৰা ভি.এইচ.এফ. ফোনক‘ল আহে ৷ ফোনযোগে থাৰুবিকুলম-133 নামৰ এখন ভাৰতীয় মাছধৰাত ব্যৱহৃত নাও সমস্যাৰ সন্মুখীন হৈ মাজ সাগৰত আৱদ্ধ হৈ থকাৰ কথা জনোৱা হয় ৷ যিখন নাওৰ ইঞ্জিন কক্ষত পানী সোমোৱা বুলি অৱগত কৰা হয় ৷ নাওখন তোতিকোৰিণ উপকুলৰ পৰা দক্ষিণত প্ৰায় 11 মাইল দূৰৈত আৱদ্ধ হৈ পৰা বুলি অৱগত কৰোৱা হয় ৷
![Coast Guard rescues fishing boat from Tuticorin](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9661493_463_9661493_1606302490329.png)
তোতিকোৰিণৰ উপকুল ৰক্ষা বাহিনীৰ ষ্টেচনে আৱদ্ধ হৈ থকা মাছমৰীয়া সকলক উদ্ধাৰৰ বাবে ICGS C-432 ক নিয়োগ কৰে ৷ উপকুল ৰক্ষা বাহিনীয়ে প্ৰায় 3:30 বজাত আৱদ্ধ নাওখনৰ সন্ধান লাভ কৰে আৰু নাওখনৰ স্থিতি পৰ্যবেক্ষণ কৰে ৷ উদ্ধাৰকাৰী বাহিনীয়ে আটাইকেওগৰাকী মাছমৰীয়াক জীৱন্তে সুস্থ অৱস্থাত উদ্ধাৰ কৰাৰ লগতে বিকল নাওখনৰ মেৰামতি কাম আৰম্ভ কৰি পানী সোমোৱা অংশটো বন্ধ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আন এখন টুনা-লাইনাৰ নাওৰ সহযোগিতাত বিকল নাওখনকো উপকুললৈ ঘুৰাই আনিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: আহমেদ পেটেল : কংগ্ৰেছৰ এগৰাকী সুদৃঢ় স্তম্ভ