নিউজ ডেস্ক, 8 নৱেম্বৰঃ শুকুৰবাৰে ৰাজ্যপাল ভগত সিঙৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰে মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীপৰিষদৰ অনান্য মন্ত্ৰীক লগত লৈ ৰাজ্যপাল ভগত সিঙক অৰ্পন কৰে পদত্যাগ পত্ৰ ৷ শুকুৰবাৰে শেষ নিশা কাৰ্যকাল সমাপ্ত হ'লহেতেন দেৱেন্দ্ৰ ফাড়নাবিছৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৷ পদত্যাগৰ পাচতেই মুম্বাইত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিছে ৷
ইপিনে, বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাচতো চৰকাৰ গঠনৰ ক্ষেত্ৰত জটিলতা বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত ৷ বিশেষকৈ মুখ্যমন্ত্ৰীৰ পদকলৈ শিৱসেনাই দিয়া 50-50 প্ৰস্তুাৱক গ্ৰহণ কৰা নাই বিজেপিয়ে ৷ আনহাতে, মুখ্যমন্ত্ৰী পদ নিদিলে কোনোপধ্যেই চৰকাৰ গঠনত আংশীদাৰিত্ব গ্ৰহণ নকৰাৰ হুংকাৰ শিৱসেনাৰ ৷ ইয়াৰ মাজতে শুকুৰবাৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাবটে সাক্ষাৎ কৰে এন চিৰ সভাপতি শাৰদ পাৱাৰক ৷
লগতে পঢ়কঃ শিক্ষামন্ত্ৰীক সকিয়নী আমছুৰ
এতিয়া ৰাজ্যখনত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব পৰৱৰ্তী সময়ত সেয়াও ল'ব লক্ষণীয় ৷