নিউজ ডেস্ক, 18 জানুৱাৰী : ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলাই সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৷ অসম বিধানসভাৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ অসমলৈ আহিব চত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকী ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীক অসমৰ নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ পূৰ্বে ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁৰ এই ভ্ৰমণৰ বিষয়ে অৱগত কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলে তেওঁৰ ওপৰত এটা ডাঙৰ দায়িত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী অনুসৰি আজি দুপৰীয়া 1.20 ত তেওঁ গুৱাহাটীৰ তাজ হোটেলত উপস্থিত হ’ব ৷ তাৰ পৰা পোনে পেনে তেওঁ কামাখ্যা মন্দিৰলৈ দৰ্শনৰ বাবে ৰাওনা হ’ব ৷ তাৰ পাছত বিয়লি 3.40 বজাত মুখ্যমন্ত্ৰীগৰাকী ৰাজীৱ ভৱনত উপস্থিত হ’ব আৰু কংগ্ৰেছ নেতাসকলক সাক্ষাৎ কৰিব ৷
আনহাতে 19 জানুৱাৰীত পুৱা 9 বজাত তেওঁ ৰাজীৱ ভৱনত কংগ্ৰেছ নেতাৰ সৈতে এখন বৈঠকত মিলিত হ’ব ৷ সেইদিনা সন্ধিয়া 6 বজাত তেওঁ গুৱাহাটী বিমান বন্দৰৰ পৰা ৰায়পুৰলৈ ৰাওনা হ’ব ।
লগতে পঢ়ক : গুজৰাটত মেট্ৰ' ৰে'ল প্ৰকল্পৰ ভূমি পূজনত অংশ ল'লে প্ৰধানমন্ত্ৰীয়ে