নিউজ ডেস্ক, ১২ মে': উত্তৰ ছিক্কিম সীমান্তত শেহতীয়াকৈ চাইনিছ পিপ্পুলছ লিবৰেচন আৰ্মীৰ সৈতে ভাৰতীয় সৈনিকৰ মাজত সংঘটিত হৈছিল এক হতাহতিৰ ঘটনা । য'ত আঘাত প্ৰাপ্ত হৈছিল দুয়োটা পক্ষৰ সৈনিক । ইয়াৰ পাচতেই লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সন্মুখত আহি থকা চীনৰ হেলিকপ্টাৰক উভতাই পঠিয়াবলৈ সক্ষম হৈছে ভাৰতীয় বায়ুসেনাই । পুনৰ চীনে নিজৰ কূটনীতি দেখুৱালৈ আৰম্ভ কৰিছে সীমান্ত অঞ্চলত ।
চীনৰ সামৰিক হেলিকপ্টাৰ লাডাখ নিয়ন্ত্ৰণ ৰেখাৰ নিচেই কাষত প্ৰত্যক্ষ কৰাৰ পাচতেই ভাৰতীয় বায়ু সেনাই লাডাখত যুঁজাৰু বিমান সষ্টম কৰি তুলিবলৈ বাধ্য হয় । বিগত সপ্তাহটো চীনা সৈন্যৰ হেলিকপ্টাৰ ভাৰতীয় সীমান্ত কাষত উৰা দেখা পোৱা গৈছিল ।
চৰকাৰী সূত্ৰই নিউজ সংস্থা এএনআইক কোৱা অনুসৰি যেতিয়াই চীনৰ হেলিকপ্টাৰ প্ৰত্যক্ষ কৰা হৈছিল, তেতিয়াই ভাৰতীয় যুদ্ধ বিমান লাডাখ অঞ্চলত সষ্টম কৰি দিয়া হৈছিল । বৰ্তমানে চীনৰ হেলিকপ্টাৰে ভাৰতীয় বায়ুৰ সীমান্ত উলংঘন কৰা নাই বুলি জানিবলৈ দিয়ে ।
এএনআইৰ মতে, চীনৰ হেলিকপ্টাৰ নিয়ন্ত্ৰণ ৰেখাৰ নিচেই কাষত উৰি আছিল । চীনৰ এই কাৰ্যক বাধা দিবলৈ ভাৰতীয় সেনাইও সেই স্থানত নিজৰ যুঁজাৰু বিমান সষ্টম কৰি তুলে ।
চীনে বৰ্তমানে সীমান্তত উত্তেজনাৰ সৃষ্টি কৰাৰ চেষ্টা চলাই আছে । যিটো সময়ত ভাৰতবৰ্ষ কৰ'ণা ভাইৰাছৰ সৈতে যুঁজি আছে । অৱশ্য়ে শত্ৰুক উচিত প্ৰত্যুত্তৰ দিবলৈ সদায় সষ্টম ভাৰতীয় সেনা । বিগত সপ্তাহত ভাৰতীয় সেনাৰ সৈতে হতাহতি হৈছিল চীনা সৈন্যৰ । ১৫০ ত কৈ অধিক চীনা সৈন্যই ভাৰতীয় অঞ্চলত প্ৰৱেশৰ চেষ্টা চলাইছিল । চৰকাৰৰ ফালৰ পৰা এই কথা সদৰী কৰা হৈছিল । মন কৰিব লগীয়া যে, এইয়া প্ৰথম ঘটনা নহয়, চীনা সৈন্যই এলএচিত ভাৰতীয় সৈনিকৰ সৈতে হতাহতি কৰিবলৈ চেষ্টা কৰিছে ।
কিন্তু বায়ু সীমা উলংঘন কৰাৰ পৰা চীনৰ প্ৰচেষ্টাক প্ৰত্যাহ্বান জনাবলৈ ভাৰতীয় বায়ু সেনাই যুঁজাৰু বিমান সষ্টম কৰাটো বহু দিনৰ পাচত সংঘটিত হৈছে বুলি সূত্ৰৰ পৰা জানিবলৈ দিয়ে ।
উল্লেখ্য় যে, বিগত এটা সপ্তাহত বহু বাৰ ভাৰতীয় সেনা আৰু চীনৰ সৈনিক মুখামুখি হৈছে । অনুমান কৰা হৈছে যে, চীনৰ এই ব্যৱহাৰৰ আঁৰত পাকিস্তানক সমৰ্থন আৰু কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত উত্থাপিত অভিযোগ সমূহৰ পৰা বিশ্বৰ মনোযোগ অন্য় দিশৰ ফালে নিয়াৰ বাবেই কৰি থকা হৈছে । আমেৰিকাকে ধৰি বহু কেইখন দেশে এই ভাইৰাছৰ ক্ষেত্ৰত চীনক দোষাৰোপ কৰি আহিছে ।