ETV Bharat / bharat

পিএলএৰ বাবে কুং-ফুৰ বিপৰীতে মিক্স মাৰ্শ্বিয়েল আৰ্টৰ প্ৰশিক্ষণত অধিক গুৰুত্ব চীনৰ - চীনৰ কুং-ফু সমৰকলা

তিব্বত সীমান্তৰ লগতে ভাৰতৰ সৈতে থকা সীমান্তত নিয়োজিত হৈ থকা চীনৰ পিএলএ সৈনিকক মিক্স মাৰ্শ্বিয়েল আৰ্ট(MMA) প্ৰশিক্ষণ প্ৰদান কৰিছে বিশেষজ্ঞৰ দলে ৷ জ্য়েষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ এক প্ৰতিবেদন ৷

চীনে সীমান্তলৈ প্ৰেৰণ কৰিছে মিক্স মাৰ্শ্বিয়েল আৰ্ট প্ৰশিক্ষণপ্ৰাপ্ত সৈনিক

author img

By

Published : Jun 28, 2020, 8:00 PM IST

নিউজ ডেস্ক, 28 জুন : চীনৰ পৰিৱৰ্তনকাৰী নীতিসমূহ লক্ষ্য কৰাটো এক উপযুক্ত দিশ, যাক আমি কুং-ফুৰ উৎপত্তিস্থল হিচাপে জানো, যি সমৰকলা বা যুদ্ধকলা ইয়াৰ চাৰিত্ৰিক আৰু শান্ত স্বভাৱ কিন্তু শক্তিশালী আৰু মাৰাত্মক দিশটোৰ বাবে বিশ্বত সমানে জনপ্ৰিয় ৷

শনিবাৰে চীনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠানকে ধৰি এটা টেলিভিশ্বন চেনেল আৰু এখন বাতৰি কাকতত প্ৰকাশ পাইছিল যে, মিক্স মাৰ্শ্বিয়েল আৰ্ট (MMA) প্ৰশিক্ষিত এটা নতুন দল শেহতীয়াকৈ গঠন কৰা হৈছে যিয়ে তিব্বত তথা ভাৰতৰ সৈতে থকা সীমান্তত নিয়োজিত হৈ থকা চীনৰ পিএলএক প্ৰশিক্ষণ প্ৰদান কৰিছে ৷

এই সমৰকলাৰ দ্বাৰা প্ৰশিক্ষিত স্কোৱাডক লাছা মুখ্যালয়স্থিত ‘Plateau Resistance Tibetan Mastiffs’ৰ অধীনত সুসংগঠিত কৰা হৈছে ৷ প্ৰশিক্ষকসকলক দক্ষিণ পশ্চিম চীনৰ চিছুৱান প্ৰদেশৰ Enbo MMA একাডেমিৰ পৰা নিৰ্বাচন কৰি অনা হৈছে ৷

এইখিনিতে জানি থওঁক যে, MMA হৈছে শেহতীয়াকৈ বিকশিত এক প্ৰতিযোগিতামুলক সমৰকলা যাক প্ৰতিৰক্ষা আৰু আক্ৰমণ দুয়োটা দিশতে ব্যৱহাৰ কৰিব পাৰি ৷

1,500 বছৰ পুৰনি কুং-ফু হৈছে এক পৰম্পৰাগত সমৰকলা যিয়ে বৌদ্ধ সংস্কৃতি, জ্ঞান, দৰ্শন আৰু গুৰুত্বপূৰ্ণভাৱে মানসিক, শাৰিৰীক আৰু আধ্যাত্মিক স্বাস্থ্যৰ ওপৰত কাম কৰে ৷ এইটো বিশ্বাস কৰা যায় যে, ভাৰতীয় বৌদ্ধ ভিক্ষু বোধিধৰ্মই ( চীনে তেওঁক ডামো আৰু জাপানত তেওঁক ডাৰুমা বুলি কোৱা হয় ) ষষ্ঠ শতাব্দীত ভাৰতৰ পৰা ইয়াক চীনলৈ লৈ গৈছিল আৰু এই সমৰকলা তেওঁ বিখ্যাত ছাওলিন বৌদ্ধ বিহাৰত ইয়াৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷

কুং-ফুয়ে নিজৰ সময়ত চীনৰ উল্লেখনীয় সমৰকলা প্ৰশিক্ষণৰ অন্যতম হৈ পৰিছিল আৰু পশ্চিমলৈকে ইয়াৰ প্ৰসাৰ হৈছিল ৷ চীনৰ হেনান প্ৰদেশৰ চং পৰ্বতস্থিত পুৰনি ছাওলিন মন্দিৰ ইয়াৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় মুখ্যালয় হৈ পৰিছিল ৷ পশ্চিমত, সমৰকলা বিশেষজ্ঞ তথা হলিউডৰ অভিনেতা কুং-ফুৰ বাবেই এখন উল্লেখনীয় মুখলৈ পৰিণত হৈছিল ৷

দৰাচলতে, নিৰস্ত্ৰ এই দুয়োপ্ৰকাৰৰ সমৰকলাৰ সৰ্বাধিকত্বক লৈ চীনত এক প্ৰকাৰৰ বিবাদৰ সৃষ্টি হয় ৷ পাৰম্পৰিক আৰু সজ্জন কলাৰ বিপৰীতে কঠিন আৰু মাৰাত্মক পিঞ্জৰাবদ্ধ মিক্স মাৰ্শ্বিয়েল আৰ্টক লৈ এই বিবাদ সৃষ্টি হৈছে ৷

মিক্স মাৰ্শ্বিয়েল আৰ্টৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি পিপুলছ লিবাৰেশ্বন আৰ্মীয়ে কুং-ফুৰ দৰে পাৰম্পৰিক আৰু সজ্জনীয় কলাৰ বিপৰীতে তেওঁলোকৰ পাশৱিক দিশটো উদঙাই দিছে ৷ যিয়ে সামৰিক বাহিনীৰ স্বভাৱ অধিক পাশৱিক আৰু আক্ৰমণকাৰী কৰি তুলি ধৰাৰ দিশটো স্পষ্ট কৰি দিছে ৷

গালৱান ভেলীত বিগত 15 জুনৰ নিশা ভাৰত-চীনা সৈন্যৰ মাজত সংঘটিত হোৱা সংঘৰ্ষ, য'ত 20গৰাকী ভাৰতীয় সৈনিকে প্ৰাণ ত্যাগ কৰিছিল, হতাহতিভাৱে নিৰস্ত্ৰভাৱে কৰা মিক্স মাৰ্শ্বিয়েল যুদ্ধনীতি চীনে বহু আগৰে পৰাই গঠন কৰি তোলা দিশটো স্পষ্ট হৈ পৰিছে ৷ কিন্তু চীনৰ পিএলএ এই সংঘৰ্ষত নিহত হোৱা সৈনিকৰ সংখ্যাৰ ক্ষেত্ৰত এতিয়াও স্পষ্টভাৱে প্ৰকাশ কৰা নাই ৷

চীনে গালৱান ভেলীত সংঘটিত কৰা পাশৱিক কাণ্ডৰ পিচত ভাৰতে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত অৱলম্বন কৰা যুদ্ধনীতিক এৰাই চলাৰ সময় আহি পৰা বুলি ক'ব পাৰি আৰু চীনৰ প্ৰশিক্ষণৰ সফলতা তাতে দেখা পোৱা যায় ৷ এই বিবাদ হৈছে এছিয়াৰ দুই মহাশক্তিৰ মাজৰ অৱনতি ঘটা সম্পৰ্কৰ এটা অতিৰিক্ত পাঠ যিয়ে অমীমাংসিত সীমান্তৰ চাৰিটা ঠাইৰ বাবে সদায়ে মুখামুখি হৈ আহিছে ৷

লগতে পঢ়কঃ 62ৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী পেমা খাণ্ডুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.