নিউজ ডেস্ক, 20 জুলাইঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে চলিত বৰ্ষৰ শেষৰফালে দ্বিতীয়টো অনানুষ্ঠানিক আলোচনাত মিলিত হ'ব চীনৰ ৰাষ্ট্ৰপতি ঝী ঝিনপিং ৷ এই ভ্ৰমণৰ পূৰ্বেই চীনে দুয়োখন দেশৰ মাজত থকা বৈদেশিক সম্পৰ্কক কোনো তৃতীয় শক্তিয়ে প্ৰভাৱিত কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে ৷ বিগত বৰ্ষত দুয়োখন দেশৰ দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে মিলিত হোৱা প্ৰথমলানি আলোচনাৰ পিচতে চলিত বৰ্ষত দ্বিতীয়লানি আলোচনাৰ বাবে সাজু হৈ উঠিছে দুয়োখন দেশ ৷
ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত চান ৱেইদঙে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক লৈ এইদৰে উল্লেখ কৰিছে ৷ দুয়োখন দেশৰ মাজত থকা সামৰিক-কূটনৈতিক সম্পৰ্কই ইতিমধ্যেই অগ্ৰগতি লাভ কৰিছে ৷ নতুন দিল্লীস্থিত চীনা দূতাৱাসত নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰি চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে ৷ দুয়োখন দেশেই সীমা সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক, চিপেক(CPEC) আদি বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও ৰাষ্ট্ৰদূতগৰাকীয়ে উল্লেখ কৰে ৷