নতুন দিল্লী, 16 আগষ্টঃ জম্মু-কাশ্মীৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে লোৱা শেহতীয়া সিদ্ধান্তক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত হ’ব বৈঠক ৷জম্মু-কাশ্মীৰৰ পৰা বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পাচত শুকুৰবাৰে নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰৰ বৈঠকৰ বাবে দাবী জনাইছিল চীন আৰু পাকিস্তানে ৷বৃহস্পতিবাৰেই এই বৈঠকৰ দাবী কৰিছিল চীনে।পূৰ্বতে এই দিনটোত কোনো কাৰ্যসূচী গ্ৰহণ নকৰাৰ সিদ্ধান্ত আছিল।সেয়ে শুকুৰবাৰে এই বৈঠকৰ আয়োজন কৰা হৈছিল ৷ বৈঠকৰ আহ্বানৰ বাবে নিৰাপত্তা পৰিষদৰ সচিব, পোলিশ ৰাষ্ট্ৰদূত জোয়ান্না ৰোনেক্কাৰলৈ আনুষ্ঠানিকভাৱে এখন চিঠি পঠিয়ায় ৷লগতে এই চিঠিখন ইউ এন এচ চিৰ সকলো সদস্যলৈও পঠিওৱাৰ কথা উল্লেখ কৰে পাক্ বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীয়ে ৷
সোমবাৰে চীনৰ বৈদেশিক মন্ত্ৰী ওয়াং ইয়ৰ লগত বেইজীঙত হোৱা এখন দ্বিপাক্ষিক বৈঠকত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ সিদ্ধান্তটো ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয়শংকৰে জনাইছিল ৷ লগতে এই কথাও উল্লেখ কৰিছিল যে, ইয়ে নিয়ন্ত্ৰন ৰেখাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়৷ ভাৰতে সদায় সন্ত্ৰাসমুক্ত পৰিৱেশত সম্পৰ্কবোৰ স্বাভাৱিক কৰাৰ পক্ষতে থিয় দি আহিছে৷
যোৱা 5 আগষ্টত ভাৰতে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাখ্যান কৰি জম্মু-কাশ্মীৰ আৰু লাদাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছতেই পাকিস্তানে নতুন দিল্লীৰ সিদ্ধান্তৰ বিৰূদ্ধে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ ওচৰ চপাৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰ পাছতে ভাৰতে সংবিধানৰ 370 অনুচ্ছেদ বাতিল কৰাটো দেশৰ এক আভ্যান্তৰীণ বিষয় বুলি কৈ পাকিস্তানক বাস্তৱক মানি লোৱাৰ বাবে পৰামৰ্শও আগবঢ়ায়৷