ETV Bharat / bharat

হৃদজনিত ৰোগত চিকিৎসাধীন ছত্তীশগড়ৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী অজিত যোগী - অজিত যোগী চিকিৎসাধীন বাতৰি

ছত্তীশগড়ৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী অজিত যোগী বুধবাৰে নিশা হৃদজনিত ৰোগত আক্ৰান্ত হয় । ইয়াৰ পিছতেই তেখেতক তাৎক্ষণিকভাৱে শ্ৰী নাৰায়ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

Chhattisgarh's first CM Ajit Jogi suffers cardiac arrest again, condition serious
হৃদজনিত ৰোগত চিকিৎসাধীন ছত্ৰিশগড়ৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী অজিত যোগী
author img

By

Published : May 28, 2020, 12:46 PM IST

নেশ্যনেল ডেস্ক, 28 মেঃ বুধবাৰে হৃদজনিত ৰোগত আক্ৰান্ত হয় ছত্তীশগড়ৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী অজিত যোগী । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অৱস্থা বৰ্তমান খুবেই জটিল বুলি জানিব পৰা গৈছে । সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বুধবাৰে নিশা হঠাৎ তেখেতৰ হাৰ্ট ৰেট আৰু পালছ ৰেট নিম্নগামী হয় । ইয়াৰ পিছতেই তেখেতক তাৎক্ষণিকভাৱে শ্ৰী নাৰায়ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

78 বৰ্ষীয় নেতাগৰাকীয়ে 9 মাহৰ পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটি 'কোমা'ত গৈছিল । আনহাতে, যোৱা 9 মে'ত তেখেতক হৃদজনিত ৰোগৰ বাবে ভেন্টিলেটৰত ৰখা হৈছিল । 2000ৰ পৰা 2003 লৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অজিত যোগী সম্প্ৰতি মাৰৱাহীৰ বিধায়ক ।

লগতে পঢ়ক- সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কমিটিত অসমৰ পাঁচ সাংসদক অন্তৰ্ভুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.