নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : ছত্তিশগড়ৰ দান্তেৱাৰা জিলাত 32 গৰাকী নক্সাল সদস্যৰ আত্মসমৰ্পন ৷ ইয়াৰে ভিতৰত চাৰিজনৰ মূৰৰ দাম চৰকাৰে নিৰ্ধাৰণ কৰিছিল চাৰিলাখকৈ টকা ৷ 10 গৰাকী মহিলাসহ কেডাৰ সকলে বাৰচুৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে ৷ আৰক্ষীৰ পুনঃসংস্থাপন প্ৰক্ৰিয়াৰ প্ৰতি আগ্ৰহী হৈ আৰু মাওবাদী আদৰ্শৰ ফোঁপোলা স্বৰূপৰ প্ৰতি অতিষ্ঠ হৈ তেওঁলোকে এই সিদ্ধন্ত গ্ৰহণ কৰে ৷ অৱশ্যে দান্তেৱাৰা জিলাৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে এইকথা সংবাদ মাধ্যমক সদৰী কৰিছে ৷
এই আত্মসমৰ্পনকাৰী 32 গৰাকী কেডাৰৰ ভিতৰত 19 গৰাকী বাকেলি গাঁৱৰ বাসিন্দা ৷ বাকীসকলৰ ভিতৰত 4 গৰাকী কৰকট্টি, তিনিগৰাকী উদেনাৰ, তিনিগৰাকী তোমাৰিগুণ্ডা আৰু আন তিনিগৰাকী মাতাচি গাঁৱৰ বাসিন্দা ৷ আৰক্ষীয়ে নিৰাপত্তাৰ খাতিৰত তেওঁলোকৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত আছে ৷
এই কেডাৰ কেইজন হৈছে দন্দকাৰণ্য আদিবাসী কিষাণ মজদুৰ সংগঠন, ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন, মাওবাদী সংগঠনৰ দুটা অগ্ৰণী দল, চেতনা নাট্য মণ্ডলী(মাওবাদীৰ সাংস্কৃতিক দল) আৰু জনতা চৰকাৰ দলৰ সদস্য বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ এইসকলৰ আটাইকেইজনেই আৰক্ষীক আক্ৰমণ, বিস্ফোৰণ আদিৰ সৈতে জড়িত আছিল ৷ ইয়াৰ চাৰিজনৰে মূৰৰ দাম এক লাখকৈ ধাৰ্য কৰা হৈছিল ৷ নক্সালৰ গাঁওসমূহত বেনাৰ, পোষ্টাৰৰ দ্বাৰা তেওঁলোকৰ নাম প্ৰচাৰ কৰে আৰু মূল সূঁতিলৈ আহিবলৈ অনুৰোধ জনায় ৷
লগতে পঢ়ক : 139 বছৰ সম্পূৰ্ণ কৰিলে বাৰইগ্ৰাম দত্তপাৰাৰ দত্ত পৰিয়ালৰ দূৰ্গা পূজাই