নিউজ ডেস্ক ,১২ জুনঃ বুধবাৰে ছত্তীশগডত এটা পুৰনা ডিজেলৰ টেংকি বিস্ফোৰণৰ ফলত দুজন নিহত চাৰিজন ব্যক্তি আহত হয়। আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আনহতে ৯০% জ্বলি যোৱা জয়ৰাম খালকৰ চিকিৎসালয়ত মৃত্যু হয় । কানহায়ালালৰো চিকিৎসালয়লৈ নি থকাৰ অৱস্থাতে মৃত্যু হয় বুলি আৰক্ষী জানিবলৈ দিয়ে ।
![ছত্তীচগডত পুৰনা ডিজেলৰ টেংকি বিস্ফোৰণ হৈ দুজন নিহত চাৰিজন গুৰুত্বৰ ভাবে আহত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05:10_7586810_848_7586810_1591959500210.png)
উল্লেখযোগ্য যে, বুধবাৰে বিয়লি ভাগত শ্ৰমিক কেইজনে যেতিয়া পুৰণা ডিজেলৰ টেংকি এটা গেছ পাইপেৰে কাটি থকাৰ সময়তে হঠাৎ জুই লাগি যোৱাৰ ফলতে ঘটনাতো সংঘটিত হয় বুলি আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ত অনুমান কৰিছে বুলি জানিবলৈ দিয়ে । ইপিনে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষী গোছৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে কোম্পানীৰ বিৰুদ্ধে ।
লগতে চাওকঃ হত্যাকাৰীক আটকৰ দাবীৰে কৰিমগঞ্জৰ নিভিয়াত পথ অৱৰোধ
লগতে পঢকঃ