নিউজডেস্ক, 22জুনঃ তামিলনাডুৰ ৰাজধানী চেন্নাইত এতিয়া ভয়ংকৰ জলসংকট ৷ এফালে তাপমাত্ৰা বৃদ্ধি আৰু আনফালে গভীৰ জলসংকটে দুৰ্বিসহ কৰি তুলিছে চেন্নাইৰ লোকসকলৰ দৈনিক জীৱন ৷ এই জলসংকটৰ পৰা মুক্তিৰ বাবে শুকুৰবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পালানীস্বামীয়ে এক জৰুৰী বৈঠক অনুষ্ঠিত কৰি কেৰেলাৰ পৰা দৈনিক 1 কোটি লিটাৰ পানী ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এখন বিশেষ ৰে'লেৰে দৈনিক 1 কোটি লিটাৰ পানী 220 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি কেৰেলাৰ পৰা চেন্নাইলৈ চলিব ৷ উল্লেখ্য যে, তামিলনাডু চৰকাৰে পানীৰ সংকট দূৰ কৰিবলৈ আৰু ৰাজ্যখনত পানী ব্যাপক পৰিমাণে উপলব্ধ কৰিবলৈ মুল্লাপেৰিয়াৰ বান্ধ ওখকৈ গঢ়িবলৈ যো-জা চলাইছে ৷ এইক্ষেত্ৰত কেৰেলা চৰকাৰে যদিও তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱা নাই তথাপি মুখ্যমন্ত্ৰী পালানীস্বামীয়ে এইক্ষেত্ৰত কেৰেলা চৰকাৰৰ ওচৰত অনুৰোধ কৰিছে ৷
ভয়ংকৰ জলসংকটত চেন্নাই;কেৰেলাৰ পৰা পানী যাব চেন্নাইলৈ - tamilnadu
ভয়ংকৰ জলসংকটত পৰিছে চেন্নাই মহানগৰ ৷ দৈনিক 1 কোটি লিটাৰ পানী 220 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি কেৰেলাৰ পৰা চেন্নাইলৈ চলিব এখন বিশেষ ৰে'ল ৷