ETV Bharat / bharat

দৰিদ্ৰ পৰিয়াললৈ দ্য মিজো চেলছি ছাপ'ৰ্টাৰ্ছ ক্লাবৰ আৰ্থিক সাহায্য

author img

By

Published : Dec 24, 2020, 7:28 PM IST

কৰ'ণাসৃষ্ট পৰিস্থিতিত আৰ্থিকভাৱে জুৰুলা হোৱা মিজোৰামৰ ১৪টা পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে দ্য মিজো চেলছি ছাপ'ৰ্টাৰ্ছ ক্লাবে । পৰিয়ালকেইটালৈ দ্য মিজো চেলছি ছাপ'ৰ্টাৰ্ছ ক্লাবে ১,৫০,০০০টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ।

দ্য মিজো চেলছি ছাপ'ৰ্টাৰ্ছ ক্লাব
দৰিদ্ৰ পৰিয়াললৈ দ্য মিজো চেলছি ছাপ'ৰ্টাৰ্ছ ক্লাবৰ আৰ্থিক সাহায্য

নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: পৰম্পৰা অক্ষুণ্ণ ৰাখি দ্য মিজো চেলছি ছাপ'ৰ্টাৰ্ছ ক্লাবে আৰ্থিক সাহায্য আগবঢ়ালে মিজোৰামৰ ১৪টা দৰিদ্ৰ পৰিয়াললৈ । মহামাৰীয়ে আৰ্থিক দিশ কোঙা কৰি পেলোৱা এই পৰিয়ালকেইটালৈ ১৫০,০০০টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ক্লাবটোৱে । দুসপ্তাহৰ ভিতৰত দ্য মিজো চেলছি ছাপ'ৰ্টাৰ্ছ ক্লাবে ২২১টা সাহায্য শিবিৰৰ আয়োজন কৰিব ।

দ্য মিজো চেলছি ছাপ'ৰ্টাৰ্ছ ক্লাব হৈছে এটা মিজো অনুৰাগীৰ ক্লাব, যিটো ২০১১ চনৰ ১১ নৱেম্বৰত ফুটবল দল চেলছি এফ চিৰ নামত দান-বৰঙণি আগবঢ়োৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল । প্ৰতিবছৰে বৰদিনৰ সময়ত এই ক্লাবটোৱে দানৰ বাবে ধন সংগ্ৰহ কৰিবলৈ বাইক ৰেলী আয়োজন কৰাৰ লগতে দৰিদ্ৰলোকক খাদ্য আৰু বস্ত্ৰ দান কৰে ।

লগতে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে সজাগতামূলক সমদল, ৰক্তদান শিবিৰ আদিৰ আয়োজন কৰে । ক্লাবৰ এই কাৰ্যক চেলছি এফ চি ক্লাবেও স্বীকৃতি দিছে আৰু চেলছিৰ আলোচনী, ছ'চিয়েল মিডিয়াতো তেওঁলোকৰ বিষয়ে প্ৰকাশ কৰা হৈছে । ২০১৯ চনৰ ২২ ছেপ্টেম্বৰত চেলছি এফ চিৰ দ্বাৰা মিজো চেলছি ছাপ'ৰ্টাৰ্ছ ক্লাবৰ বেনাৰ ষ্টেমফ'ৰ্ড দলঙত প্ৰদৰ্শন কৰা হৈছিল ।

লগতে পঢ়ক:পালঘৰ সাধু গণহত্যা গোচৰত আৰু 19ক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.