ETV Bharat / bharat

চাৰধাম তীৰ্থযাত্ৰীলৈ যাতায়ত সুচল কৰাৰ চেষ্টা অব্যাহত আছে : ৰে'লমন্ত্ৰী

author img

By

Published : Aug 22, 2020, 12:27 PM IST

আঁচনি সম্পৰ্কত এক ভিডিঅ' শ্বেয়াৰ কৰি পীয়ুষ গোয়েলে জানিবলৈ দিয়ে যে, কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনাত্ৰীলৈ ৰে'লপথৰ সংযোগ কৰিবলৈ ভাৰতীয় ৰে'লৱে কাম কৰি আছে ৷

নিৰ্মাণ হৈছে ৰেলপথ
চাৰধাম তীৰ্থযাত্ৰীলৈ সুখবৰ

নেশ্যনেল ডেস্ক, 22 আগষ্ট : ভক্তৰ বাবে চাৰধাম তীৰ্থযাত্ৰা পূৰ্বতকৈ সহজ কৰি তুলিবৰ বাবে পবিত্ৰ স্থানসমূহলৈ ৰে'ল পথৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী পীয়ুষ গোয়েলে ৷

এই আঁচনি সম্পৰ্কত এক ভিডিঅ' শ্বেয়াৰ কৰি গোয়েলে জানিবলৈ দিয়ে যে, কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনাত্ৰীলৈ ৰে'ল পথৰ সংযোগ কৰিবলৈ ভাৰতীয় ৰে'লে কাম কৰি আছে ৷

তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰে'লে ভক্তসকলৰ বাবে চাৰধাম যাত্ৰা অতি সহজ কৰি তুলিব বিচাৰিছে ৷ তেওঁলোকে ৰে'লৰ জৰিয়তে উত্তৰাখণ্ডৰ পবিত্ৰ উপত্যকাসমূহত থকা গংগোত্ৰী, যমুনাত্ৰী, বদ্ৰীনাথ আৰু কেদাৰনাথলৈ যাত্ৰা কৰিব পাৰিব ৷"

এই আঁচনিৰ অধীনত পাহাৰীয়া অঞ্চলত ৰে'ল লাইন নিৰ্মাণ কৰাৰ লগতে সুৰংগ তৈয়াৰ কৰা হ'ব ৷ এই পথেৰে প্ৰায় 327 কিল'মিটাৰ দৈঘ্যৰ চাৰিটাকৈ ৰে'ল লাইন নিৰ্মাণ কৰা হ'ব আৰু দেহৰাডুন, পাউৰি, তেহৰী গড়ৱাল, চামোলি, ৰুদ্ৰপ্ৰয়াগ আৰু উত্তৰকাশীৰ কাষেৰে পাৰ হৈ যাব ৷

  • प्रधानमंत्री @NarendraModi जी के नेतृत्व में रेलवे करने जा रही है करोड़ों श्रद्धालुओं के लिए चार धाम यात्रा आसान।

    उत्तराखंड की पवित्र वादियों में स्थित गंगोत्री, यमुनोत्री, बद्रीनाथ और केदारनाथ के दर्शन के लिए श्रद्धालु कर सकेंगे रेल द्वारा यात्रा। pic.twitter.com/tfrcxTa0Ed

    — Piyush Goyal (@PiyushGoyal) August 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰায় 125 কিল'মিটাৰ দৈঘ্যৰ গংগোত্ৰী আৰু যমুনোত্ৰীৰ মাজৰ ৰে'ল লাইন নিৰ্মাণৰ বাবে ইতিমধ্যে ৰে'লৱে জৰীপ সমাপ্ত কৰিছে ৷ ইয়াৰে 105 কিল'মিটাৰ ৰে'ল লাইন সুৰংগৰ মাজেৰে হ'ব ৷ আনহাতে, বদ্ৰীনাথ আৰু কেদাৰনাথ সংযোগী পথৰ কাম চলি আছে ৷

এই ৰে'ল লাইনত প্ৰায় 12 টা ষ্টেচন স্থাপন কৰা হ'ব ৷ ইয়াৰে এটা ৰে'লৱে ষ্টেচন আৰু সুৰংগৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠাৰ লগতে পাঁচটা সুৰংগৰ কাম চলি আছে ৷ ইয়াৰ লগতে ৰে'লৱে 122 কিল'মিটাৰ দৈঘ্যৰ দৈৱালা-উত্তৰকাশী-বাৰকোট ৰে'ল লাইন নিৰ্মাণ কৰিছে ৷

এই সমগ্ৰ প্ৰকল্পত ব্যয় হ'ব 44,000 কোটি টকা ৷ ইয়াৰোপৰি, চৰকাৰে ৰোপৱে', পথৰ পৰিবহণ আৰু স্থানীয় ৰে'লসমূহৰো ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰোপৰি, অল ৱেডাৰ ৰ'ডৰ নিৰ্মাণকাৰ্যও চলি আছে ৷ 2014 চনত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক : প্ৰথমে আগিয়া ছোফিয়া, এইবাৰ গীৰ্জাঘৰ; বিশ্ব সংস্কৃতিৰ প্ৰতি ভাবুকি তুৰ্কীৰ ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.