ETV Bharat / bharat

বিমানকোঠ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী, প্ৰতাৰনাৰ বলি চাকমা শৰনাৰ্থী - পূব পাকিস্তান

অসম-অৰুনাচল প্ৰদেশৰ সীমান্তৰ পাপুমপাৰে জিলাৰ হোলোঙত এখন অত্যাধুনিক বিমানকোঠ নিৰ্মাণৰ নামত দুৰ্নীতি ৷ প্ৰায় 100 কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷

chakmas-are-displaced-corruption-in-rehabilitation-pakage
বিমানকোঠ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী, প্ৰতাৰনাৰ বলি চাকমা শৰনাৰ্থী
author img

By

Published : Jan 31, 2021, 7:10 PM IST

Updated : Jan 31, 2021, 9:53 PM IST

গুৱাহাটী, 31 জানুৱাৰী : সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত চলা উন্নয়নৰ নামত কিদৰে একো একোটা উপান্ত শ্ৰেণীৰ জনগোষ্ঠীয়ে ভয়াবহ দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হয় তাৰ শেহতীয়াকৈ উদাহৰণ হৈ পৰিছে অৰুনাচল প্ৰদেশ । অসম-অৰুনাচল প্ৰদেশৰ সীমান্তৰ পাপুমপাৰে জিলাৰ হোলোঙত এখন অত্যাধুনিক বিমানকোঠ নিৰ্মাণৰ নামত আৰম্ভ হোৱা প্ৰায় এহেজাৰ কোটি টকা বিনিয়োগ সাপেক্ষ অভিলাষী প্ৰকল্পৰ বাবে উচ্ছেদিত হৈছে হাজাৰৰো অধিক পৰিয়াল । মুলত চাকমা জনগোষ্ঠীয় পৰিয়াল সমূহক সংস্থাপিত কৰাৰ ক্ষেত্ৰত কেইবা কোটি টকাৰ এক বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

chakmas-are-displaced-corruption-in-rehabilitation-pakage
বিমানকোঠ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী, প্ৰতাৰনাৰ বলি চাকমা শৰনাৰ্থী

উল্লেখ্য যে, সত্তৰৰ দশকত পূব পাকিস্তানৰ পৰা শৰনাৰ্থী হিচাপে অৰুনাচলৰ বিভিন্ন স্থানলৈ প্ৰব্ৰজিত হোৱা চাকমা জনগোষ্ঠীয় আঢ়ৈশটা পৰিয়ালক চৰকাৰে সংস্থাপিত কৰিছিল হলঙি অঞ্চলত । 1964 চনত সংস্থাপিত এই পৰিয়াল সমূহক কৃষি কৰ্মত আত্মনিয়োগ কৰাৰ বাবে ওঠৰ বিঘাকৈ ভূমিও আবন্টন কৰা হৈছিল । বালিজান ৰাজহ চক্ৰৰ অধীনৰ হলঙি আৰু ককিলা ব্লক এক, ব্লক দুই আদি গাঁৱত বাস কৰা চাকমা শৰনাৰ্থী সকলে ইমান দিনে খেতি-বাতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আহিছে । কিন্তু 2012 চনত অৰুনাচল প্ৰদেশ চৰকাৰৰ অনুৰোধ মতে কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰালয়ে এই হলঙি অঞ্চলত এখন বিমানকোঠ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনায় । যিহেতু অঞ্চলটোত এক বৃহৎ সংখ্যক পৰিয়ালে বসবাস আৰু কৃষিকৰ্মৰে জীৱন নিৰ্বাহ কৰে সেয়ে স্বাভাৱিকতে বিশেষ গুৰুত্ব লাভ কৰে জীবিকা আৰু পুনৰ সংস্থাপনৰ বিষয়টোৱে ।

ভুক্তভোগী ৰাইজৰ মন্তব্য

লগতে পঢ়ক : লখিমপুৰত তিনিটা ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন

ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, কেৱল হলঙি আৰু ককিলা ব্লকত বাস কৰা 155 টা পৰিয়ালৰ পুনৰ সস্থাপনৰ বাবে 2013 চনত প্ৰস্তুত কৰা ডিটেইলড্ প্ৰজেক্ট ৰিপোৰ্ট (ডি পি আৰ) ত 77 কোটি টকা নিৰ্ধাৰন কৰা হৈছিল । কিন্তু সেই পৰিমানৰ পুনৰ সংস্থাপন ব্যয়ত মন্ত্ৰালয়ে অনুমোদন নিদিয়াত পৰৱৰ্তী সময়ত ব্যয় নিৰ্ধাৰণ কৰা হয় মাত্ৰ 36 কোটি টকা । উচ্ছেদিত কৃষক সকলে নতুন ঠাইত কৃষিভূমি আবন্টনৰ দাবী কৰিছিল যদিও সেই দাবীয়ে কোনো গুৰুত্ব লাভ নকৰিলে ।

আনহাতে, 2019 চনৰ পৰা যি পুনঃসংস্থাপন প্ৰক্ৰিয়া আৰম্ভ হ'ল তাতো চলিল ব্যাপক অনিয়ম । স্থানীয় জিলা উপায়ুক্ত পিগে লাগু য়ে স্থানীয়ভাবৱে গঠন কৰা 'চাকমা ৰিলিফ এন্ড ৰিচেটলমেন্ট কমিটী' ৰ বিষয়ববীয়া সকলেই প্ৰত্যক্ষভাৱে অনিয়ম নামি পৰাত পৰিস্থিতিৰ অধিক অবনতি ঘটিছে । স্থানীয় উচ্ছেদিত লোকে কৰা অভিযোগ অনুসৰি, জিলা উপায়ুক্ত গৰাকীয়ে নিজেই 9 কোটি টকা আন্তঃগাঁঠনিৰ বাবদ ব্যয় কৰা বুলি আৰু পুনৰ সংস্থাপন কমিটিয়ে প্ৰতিটো পৰিয়ালৰ পৰা পাঁচ শতাংশ ধন কমিছন হিচাপে কাটি লৈছে ।

লগতে পঢ়ক : গুৱাহাটীৰ গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে বিশ্বৰ ক্ৰীড়া সমাজক

একেদৰে, প্ৰতিটো পৰিয়ালে স্থানান্তৰ ব্যয় হিচাপে পঞ্চাশ হেজাৰকৈ টকা পাবলগীয়া আছিল যদিও দিয়া হৈছে পঁচিশ হেজাৰ টকা । অৰ্থাৎ উপায়ুক্ত গৰাকীয়ে ব্যয় কৰা 9 কোটি টকাৰ পিচতো যি 27 কোটি টকা ৰৈছিল তাৰ পৰাও উচ্ছেদিতক বঞ্চিত কৰি পুনঃসংস্থাপনৰ পুজি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । পুনৰ সংস্থাপন কমিটীৰ সভাপতিৰ দায়িত্বত থকা বিজয় ৰঞ্জন চাকমা, সম্পাদক সুভাসুৰ চাকমা আৰু কমিটীৰ অভিভাৱকৰ ভূমিকা লৈ অহা সাধন কুসুম শৰ্মাৰ ভূমিকাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পুনঃসংস্থাপন কমিটীৰ এগৰাকী জোষ্ঠ সদস্য বোধিসত্ব চাকমাই ইটিভি ভাৰতক জনোৱা মতে, এই পুঁজি ব্যয় কৰাৰ ক্ষেত্ৰত কোনো ধৰপৰ আলোচনা নকৰি কমিটীৰ সভাপতি আৰু সম্পাদকে নিজেই সকলো কৰিছে । এনে পৰিস্থিতিত তেওঁ কমিটীৰ পৰা পদত্যাগ কৰাৰো সিদ্ধান্ত লৈছে । অভিযোগ অনুসৰি, মাটি-বাৰী হেৰুৱাই স্থানান্তৰিত হোৱা এই 155 টা পৰিয়ালক যি কেইটা ঘৰ বনাই দিয়া হৈছে নিৰ্মাণৰ কেইদিনমানৰ পিচতে ভাঙিবলে ধৰিছে । ইয়াতো পুনৰ সংস্থাপন কমিটীৰ নেতা সকলে লাভখোৰ ঠিকাদাৰৰ ভূমিকাতহে অবতীৰ্ণ হৈছিল ।

ইফালে, স্থানীয় উচ্ছেদিত পৰিয়াল সমূহে জনোৱা মতে, এই সমস্ত প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে পিগে লাগু নামৰ পাপুমপাৰে জিলাৰ উপায়ুক্ত গৰাকী । আচলতে, উল্লেখিত দুৰ্নীতি অনিয়মৰ এটা অংশৰ কথাহে এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে । বিমানকোঠ নিৰ্মাণৰ বাবে সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিছে মুঠ 201 কোটি টকা । কিন্তু এই বৃহৎ পৰিমাণৰ পুঁজি যদি অন্যান্য পৰিয়াল সমূহৰ ক্ষেত্ৰতো হৈছে তেতিয়াহ'লে ই 100 কোটি টকীয়া বৃহৎ কেলেংকাৰী । সেয়ে স্থানীয় ৰাইজে এই পুঁজিৰ এক ৰাজহুৱা হোৱাৰ বাবে দাবী উত্থাপন কৰিছে অন্যথা আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিছে ।

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মী

Last Updated : Jan 31, 2021, 9:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.