ETV Bharat / bharat

ভ্ৰমণ তথ্য গোপনীয় ৰখা অপৰাধাত ১৬ জনৰ বিৰুদ্ধে গোচৰ ৰুজু - Epidemic Diseases Act

কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য় ৰাখি কঠোৰ হৈছে প্ৰশাসন । ১৬ গৰাকী লোকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু । তাবলিগী জামাতত অংশ গ্ৰহণৰ তথ্য় গোপনীয় ৰখাৰ অপৰাধত অভিযুক্ত ।

CG:16 Tablighis booked for hiding travel info, non-cooperation

author img

By

Published : Apr 7, 2020, 11:59 AM IST

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ ভাৰতত দেখা দিছে কৰ'ণা ভাইৰাছ সংহাৰি ৰূপ । দেশত বৰ্তমানে চলি আছে লক্ ডাউন । ইয়াৰ মাজতে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন । সোমবাৰে Epidemic Diseases Act ৰ অধীনত ১৬ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় । ইয়াৰে সাত গৰাকী হৈছে নাবালক । চত্তীছগড়ৰ কৰ্বা জিলাৰ এই লোকসকলৰ বিৰুদ্ধে আছে তবলিগী জামাতত অংশ গ্ৰহণ কৰা ভ্ৰমণ তথ্য গোপনীয় ৰখাৰ অভিযোগ ।

পুলিছৰ মতে ইয়াৰে ভিতৰৰ এজনৰ যোৱা ৪ এপ্ৰিলত COVID-19 ত আক্ৰান্ত হোৱাৰ তথ্য ধৰা পৰিছিল । বৰ্তমান ৰায়পুৰৰ AIIMS হাস্পতালত চিকিৎসাধীন ১৬ বছৰীয়া যুৱকজন । আৰক্ষীৰ মতে, ১৬ গৰাকী লোকৰ ভিতৰৰ এজনে নিজামুদ্দিনত অংশ গ্ৰহণ কৰিছিল ।

পূৰ্বতে এই ১৬ গৰাকী লোকে মহাৰাষ্ট্ৰ নাগপুৰৰ পৰা যোৱা ২ মাৰ্চত কৰ্বালৈ অহা বুলি উল্লেখ কৰিছিল । কিন্তু তদন্তত পোহৰলৈ আহিছে ২ মাৰ্চত নহয় ১৪ মাৰ্চত হে কৰ্বাত উপস্থিত হৈছিল লোক কেইজন । আনহাতে কোনেও তবলিগী জামাত অংশ নোলোৱাৰ কথা স্পষ্ট কৰিছিল আৰক্ষীৰ আগত । কিন্তু তদন্তত সেইয়াও মিছা প্ৰতিপন্ন হয় । যোৱা ৮-৯ মাৰ্চত এজন ব্য়ক্তিয়ে উক্ত অনুষ্ঠানত অংশ গ্ৰহণৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ।

ব্লক মেডিকেল বিষয়াৰ আবেদনৰ ভিত্তিত কাটঘৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ।

বৰ্তমানে কোনো লোকক আটক কৰা হোৱা নাই যদিও মুৰব্বী মহম্মদ আনৱাৰ কামাল সহ ১৫ জনৰ বিৰুদ্ধে Epidemic Diseases Act 1897 ৰ ভাৰতীয় দণ্ড বিধি নিয়মৰ অধীনত ধাৰা ১৮৮, ২৬৯,২৭০ আৰু ৩৪ ৰ নিয়ম অনুসৰি গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক- COVID-19: ২০ হাজাৰ কোটি টকীয়া চেণ্ট্ৰল ভিষ্টা প্ৰজেক্ট বাতিলৰ আহ্বান কংগ্ৰেছ সাংসদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.