ETV Bharat / bharat

কেন্দ্ৰই উলিয়াব 100 টকীয়া মুদ্ৰা - Vijaya Raje Scindia

বিজয়া ৰাজে সিন্ধিয়াৰ স্মৃতিত তেওঁৰ জন্ম বাৰ্ষিকীৰ বাবে কেন্দ্ৰই এই বিশেষ মুদ্ৰা প্ৰকাশ কৰিব । মুদ্ৰাটোৰ ওজন হ'ব 35 গ্ৰাম । ৰূপ, তাম, জিংক আৰু নিকেল ধাতুৰে নিৰ্মাণ কৰা হ'ব মুদ্ৰাটো ।

কেন্দ্ৰই উলিয়াব 100 টকীয়া মুদ্ৰা
কেন্দ্ৰই উলিয়াব 100 টকীয়া মুদ্ৰা
author img

By

Published : May 20, 2020, 4:39 PM IST

নিউজ ডেস্ক, 20 মে': কেন্দ্ৰীয় চৰকাৰে 100 টকীয়া বিশেষ মুদ্ৰা নিৰ্মাণৰ কথা ঘোষণা কৰিছে । বিজয়া ৰাজে সিন্ধিয়াৰ স্মৃতিত তেওঁৰ জন্ম বাৰ্ষিকীৰ বাবে কেন্দ্ৰই এই বিশেষ মুদ্ৰা সাঁজি উলিয়াব ।

এই সম্পৰ্কে টুইটাৰ হেণ্ডেলত ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজ সিন্ধিয়াই লিখে যে,"আম্মা মহাৰাজ, ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ স্মৃতিত 100 টকীয়া মুদ্ৰা প্ৰণয়ন কৰা কাৰ্যই তেওঁৰ উদাৰ চৰিত্ৰ আৰু মহৎ কাম সমূহক দৰ্শায় । ৰাজমাতাৰ আদৰ্শ আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা তেওঁৰ অৰিহণাক সন্মানিত কৰা বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰিলো ।"

এই বিশেষ মুদ্ৰাটোৰ ওজন হ'ব 35 গ্ৰাম । তাত 50 শতাংশ ৰূপ, 40 শতাংশ তাম আৰু 5 শতাংশকৈ জিংক আৰু নিকেল থাকিব ।

  • अम्मा महाराज, राजमाता विजयाराजे सिंधिया जी की स्मृति में 100 रु के सिक्के का अनावरण उनके उदार चरित्र व महान कृतित्व को जाहिर करता है। राजमाता जी के आदर्शों व राष्ट्रोत्थान में योगदान को समर्पित भारत सरकार के इस सम्मान के लिए आदरणीय प्रधानमंत्री श्री @narendramodi जी का आभार। pic.twitter.com/9Y6x7mDnr6

    — Vasundhara Raje (@VasundharaBJP) May 18, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

100 টকীয়া এই মুদ্ৰাটোৰ বাবে ব্য়য় হ'ব 2300 ৰ পৰা 2500 টকা ।

বিজয়া ৰাজে সিন্ধিয়াক গোৱালিয়ৰ ৰাজমাতা বুলি পৰিচিত আৰু ভাৰতীয় ৰাজনীতিৰ বিশিষ্ট ব্যক্তিত্ব । তেওঁ জন সংঘ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় সদস্য আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.