ETV Bharat / bharat

কেন্দ্ৰই সত্যতা নিৰূপনৰ বাবে মুকলি কৰিব প'ৰ্টেল - কোভিড-

গৃহ সচিব অজয় ভাল্লাই সমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰীয় চৰকাৰৰ হৈ এক পত্ৰ প্ৰেৰণ কৰি উৰাবাতৰি প্ৰতিৰোধ কৰি সত্যতা নিৰূপণৰ বাবে এক পৰ্টেল আৰম্ভ কৰাৰ কথা অৱগত কৰে ।

কেন্দ্ৰই সত্যতা নিৰূপনৰ বাবে তৈয়াৰ কৰিব প'ৰ্টেল

author img

By

Published : Apr 2, 2020, 11:34 AM IST

নতুন দিল্লী, 2 এপ্ৰিলঃ দুদিনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক উৰাবাতৰি ৰোধ কৰি সত্যতা নিৰূপনৰ বাবে এক প'ৰ্টেল খুলিবলৈ দিয়া নিৰ্দেশৰ পাচত বুধবাৰে কেন্দ্ৰই অচিৰেই পৰ্টেল আৰম্ভ কৰাৰ যো-জা চলাই । এই অনুসৰী সমগ্ৰ দেশৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহেও যাতে এই পদক্ষেপ গ্ৰহণ কৰি বিপদৰ সময়চোৱাত উৰাবাতৰি ৰোধ কৰিব পাৰে তাৰ বাবে এই কাৰ্যপন্থা হাতত ল'বলৈ গৃহ সচিব অজয় ভাল্লাই এখন পত্ৰ প্ৰেৰণ কৰে ।

উচ্চতম ন্যায়লয়ত দুগৰাকী সাংসদে উৰা বাতৰিৰ সম্পৰ্কে দাখিল কৰা আৰ্জিত শুনানি দি কেন্দ্ৰীয় চৰকাৰক এই নিৰ্দেশ প্ৰদান কৰিছিল । 7 এপ্ৰিলত হ'বলগীয়া পৰৱৰ্তী শুনানিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰো পৰ্টেল খোলাৰ তথ্য সমূহ আদালতত দাঙি ধৰিব বুলি পত্ৰখনত উল্লেখ কৰা হৈছে ।

লগতে উচ্চতম ন্যায়ালয়ৰ এটা শাখাই সাহায্য শিবিৰ, প্ৰবজক শ্ৰমিকক দিয়া আশ্ৰয়, ন্যূণতম স্বাস্থ্যৰ যত্ন ইত্যাদি ক্ষেত্ৰত দুৰ্যোগ প্ৰশমন আইন,2005 অনুযায়ী ৰাজ্য চৰকাৰ সমূহে কাম কৰিছে নে নাই এই সম্পৰ্কেও দৃষ্টি নিবদ্ধ ৰাখিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.