ETV Bharat / bharat

কোভিডৰ মৃত্যুৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিভ্ৰান্তিকৰ স্থিতি

author img

By

Published : Sep 23, 2020, 12:38 PM IST

যেতিয়া কোভিড-১৯ সংক্ৰমণ আৰম্ভ হৈছিল তেতিয়া চিকিৎসক, পেৰামেডিকেল কৰ্মী, আৰক্ষী আৰু চাফাই কৰ্মীসকলক সহযোগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক আহ্বান জনাইছিল । দেশবাসীয়ে সানন্দে সেয়া মানিছিল । আনকি কৰ’ণা যোদ্ধাসকলক সন্মান জনাই চিকিৎসালয়ত পুষ্প বৃষ্টি বৰ্ষণৰ বাবে কেন্দ্ৰই লোৱা পদক্ষেপকো ৰাইজে আদৰণি জনাইছিল ।

CENTER’S STANCE ON COVID DEATHS BAFFLING

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে কৈছিল- ৰাইজক সত্য কি জানিবলৈ দিয়ক, তেতিয়া দেশখন নিৰাপদে থাকিব । এই কথাষাৰে স্বচ্ছতা আৰু দায়বদ্ধতাৰ প্ৰয়োজনীয়তাৰ প্ৰতিফলন ঘটায় । ইয়াৰ জৰিয়তে ৰাইজৰ তথ্য জনাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

যিকোনো ৰাষ্ট্ৰীয় সংকট নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে বিশ্বাসযোগ্য তথ্যপাতিৰে প্ৰস্তুত থকা উচিত । কিন্তু দুৰ্ভাগ্যজনকভাৱে যি মহামাৰীৰ সংক্ৰমণে ৫৩,০০,০০০ জনতকৈ অধিক লোকক আক্ৰান্ত কৰিছে, ৮০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু ঘটাইছে, সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ হাতত গুৰুত্বপূৰ্ণ তথ্য মজুত নাই । যদিও আগতীয়া লকডাউন ঘোষণা কৰি চৰকাৰে ২৯,০০,০০০ লোকৰ জীৱন ৰক্ষা কৰা বুলি দাবী কৰে, কিন্তু কোভিডৰ বিষয়ে সন্মুখৰ পৰা যুঁজা কৰ্মীসকলৰ মৃত্যুৰ সংখ্যাৰ বিষয়ে কোনো তথ্যই চৰকাৰখনৰ হাতত নাই । আনকি লকডাউনৰ সময়ত নিজৰ ঘৰত উপস্থিত হোৱাৰ বাবে শ শ কিল’মিটাৰ খোজ কঢ়া প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰো সবিশেষ তথ্য চৰকাৰৰ হাতত নাই । কেৱল এয়াই নহয়, লকডাউনৰ ফলত সংস্থাপন হেৰুওৱা ক্ষুদ্ৰ আৰু মজলীয়া পৰ্যায়ৰ শ্ৰমিকসকলৰ বিষয়েও কেন্দ্ৰীয় চৰকাৰে একোৱেই নাজানে । তথ্যপাতি অবিহনে লকডাউনৰ আৰম্ভণিৰে পৰা চৰকাৰী যন্ত্ৰটোৱে আচলতে কি কৰি আছে ?

যেতিয়া কোভিড-১৯ সংক্ৰমণ আৰম্ভ হৈছিল তেতিয়া চিকিৎসক, পেৰামেডিকেল কৰ্মী, আৰক্ষী আৰু চাফাই কৰ্মীসকলক সহযোগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক আহ্বান জনাইছিল । দেশবাসীয়ে সানন্দে সেয়া মানিছিল । আনকি কৰ’ণা যোদ্ধাসকলক সন্মান জনাই চিকিৎসালয়ত পুষ্প বৃষ্টি বৰ্ষণৰ বাবে কেন্দ্ৰই লোৱা পদক্ষেপকো ৰাইজে আদৰণি জনাইছিল । কৰ’ণা শ্বহীদসকলৰ বাবে জীৱন বীমাৰ আঁচনিকো আমি আদৰণি জনাইছিলোঁ । ৰোগীৰ চিকিৎসাৰ দায়িত্ব পালন কৰি শ শ চিকিৎসকে কৰ’না ভাইৰাছ আক্ৰান্ত হৈ মৃত্যুক সাবটিবলগীয়া খবৰে আমাক মৰ্মাহত কৰি তুলিছে । স্বাস্থ্যখণ্ডৰ এইসকল শ্বহীদৰ সংখ্যাৰ বিষয়ে যেতিয়া চৰকাৰক প্ৰশ্ন সোধা হয়, চৰকাৰে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় পৰ্যায়ত তেনেধৰণৰ কোনো তথ্য মজুত নাই । মাত্ৰ গৰীৱ কল্যাণ যোজনাৰ জৰিয়তে যিসকলে সহায় বিচাৰিছিল তেওঁলোকৰ সবিশেষ পঞ্জীয়ন আছে বুলি চৰকাৰে প্ৰকাশ কৰিছে ।

আগষ্টৰ প্ৰথম সপ্তাহত ভাৰতীয় চিকিৎসা পৰিষদে প্ৰধানমন্ত্ৰীলৈ লিখা এখন চিঠিত ১৯৬জন চিকিৎসকৰ মৃত্যুৰ কথা উল্লেখ কৰিছিল । প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা চিঠিখনৰ প্ৰতি কোনোধৰণৰ সঁহাৰি নাছিল যদিও পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা ৩৮২জনলৈ বৃদ্ধি পায় । ভাৰতীয় চিকিৎসা পৰিষদৰ তথ্যমতে কোভিডত আক্ৰান্তসকলৰ ৮ শতাংশ চৰকাৰী আৰু ১৫ শতাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসকৰ মৃত্যু হৈছে । চিকিৎসকৰ ব্যক্তিগত সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশাৱলীত নিৰ্ধাৰণ কৰি দিয়া মাত্ৰ এন ৯৫ মাস্ক আৰু হেণ্ড গ্লোভছেৰে দায়িত্ব পালন কৰিছে । ভাৰতীয় চিকিৎসা পৰিষদৰ মতে মুঠ মৃত্যুপৰ ৪০ শতাংশই তেনেধৰণৰ চিকিৎসকলকলৰ । কোভিডত আক্ৰান্ত হোৱা মুঠ ২২৩৮ এল’পেথী চিকিৎসকৰ ৩৮২ জনে প্ৰাণ হেৰুৱাইছে । এই সংখ্যা দেশৰ গড় মৃত্যুৰ হাৰতকৈ (১.৭ শতাংশ) দহ গুণ বেছি । পৰিসংখ্যামতে এইসকলৰ অধিকাংশ চিকিৎসকে অতিকৈ অভিজ্ঞতাপুষ্ট । বহু ক্ষেত্ৰত ৩৫ বছৰৰ তলৰ বয়সৰ চিকিৎসকৰো মৃত্যু ঘটিছে । চিকিৎসকৰ নাটনিত ভোগা কৰ্ণাটকত চূড়ান্ত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক কোভিড ডিউটিৰ বাবে সাজু কৰা হৈছে । স্বাস্থ্যসেৱাৰ শ্বহীদসকলৰ ত্যাগক স্বীকাৰ আৰু সন্মান দিয়াৰ সলনি চৰকাৰে এই সন্দৰ্ভত তথ্যকহে গাপ দিছে ।

এই মাহৰে প্ৰথমছোৱাত এমনেষ্টি ইণ্টাৰনেশ্বনেলৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছত সাত হাজাৰ স্বাস্থ্যকৰ্মীয়ে প্ৰাণ হেৰুৱাইছে । ইয়াৰে ৫৭৩ জনৰ মৃত্যু ভাৰতত হৈছে । যিটো সময়ত বিভিন্ন স্বতন্ত্ৰ সংস্থাই যিমান দূৰ সম্ভৱ তথ্য সংগ্ৰহৰ বাবে অহৰহ চেষ্টা চলাই আহিছে, তেনে সময়ত কল্যাণকামী আঁচনিসমূহ ৰূপায়ণৰ দায়িত্বত থকা কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমমূহে কি কৰি আছে ? সম্পূৰ্ণ লকডাউন বলৱৎ কৰা ভাৰতেই একমাত্ৰ দেশ । বিশ্ব বেংকৰ তথ্যত উন্মোচিত হৈছে যে ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা দেশজোৰা লকডাউনে ৪ কোটি আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী শ্ৰমিকৰ জীৱিকা নিঃশেষ কৰিছে । কিন্তু মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত প্ৰব্ৰজনকাৰী শ্ৰমিকৰসকলৰ সংখ্যাৰ বিষয়ে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় একেবাৰে অন্ধকাৰত । আনহাতে, ৪৬১১খন বিশেষ ৰে’লেৰে ৬৩ লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকক তেওঁলোকৰ গৃহ চহৰলৈ প্ৰেৰণ কৰা বুলি কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে । লক ডাউনৰ ফলত দিন হাজিৰ কৰা কোটি কোটি লোকৰ প্ৰতি এক ছেকেণ্ডৰ বাবেও চাবলৈ কেন্দ্ৰৰ আহৰি নাই ।

দেশৰ অৰ্থনীতিৰ প্ৰাণস্বৰূপ মাইক্ৰ’, ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ উদ্যোগবোৰ মহামাৰীৰ ফলত সংকটৰ সন্মুখীন হৈছে । লাখ লাখ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে । কিন্তু জীৱিকা হেৰুওৱা সন্দৰ্ভত কোনো সমীক্ষা চলোৱা হোৱা নাই বুলি কেন্দ্ৰীয় চৰকাৰে অতি গৰ্বৰে ঘোষণা কৰিছে । প্ৰসিদ্ধ আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে শ্ৰমিকসকল সামান্যতমো উপকৃত হোৱা নাই । কোভিডৰ পাছত স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰাৰ বাবে এনেধৰণৰ সহজভাৱে গ্ৰহণ কৰা মানসিকতা ত্যাগ কৰিব লাগিব । এটা ভয়ংকৰ সামাজিক-অৰ্থনৈতিক দুৰ্যোগৰ উৎপত্তিৰ বিষয়ে জানিবলৈ, ভুক্তভোগীসকলৰ পৰিয়ালক সহায় কৰিবলৈ উপযুক্ত সমাধান উলিয়াবলৈ হ’লে কেন্দ্ৰৰ হাতত পৰ্যাপ্ত আৰু স্পষ্ট তথ্য-পাতি থাকিব লাগিব । চৰকাৰক এই ক্ষেত্ৰত নিজৰ দায়িত্ব মনত পেলাই দিয়াৰ প্ৰয়োজনীয়তা আছেনে?

লগতে পঢ়ক : কৃষকসকলক এনেকৈয়ে নিশ্চয়তা প্ৰদান কৰা হয়নে কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.