নিউজ ডেস্ক, 11 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষক আইন গৃহীত কৰাৰ পিচতে দেশত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পঞ্জাৱত প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে,পঞ্জাৱৰ কৃষক সংগঠন আৰু কৃষক সকলে 'ৰে'ল ৰোকো' অভিযান কাৰ্যসূচী ৰূপায়ন কৰিছে ৷
শেহতীয়াকৈ পঞ্জাৱৰ প্ৰতিবাদী কৃষকক বিষয় সন্দৰ্ভত আলোচনা কৰিবৰ বাবে দিল্লীলৈ আমন্ত্ৰণ জনাইছে ৷ 14 অক্টোবৰত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰৰ সৈতে আলোচনাত বহিব কৃষক সংগঠন সমূহে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱৰ 29 টা সংগঠনলৈ আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক : আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী