ETV Bharat / bharat

কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ অনুমতি CDSCO পেনেলৰ - ভাৰত বায়টেক

কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে CDSCO পেনেলে ৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ পাচতে লাভ কৰা হৈছে এই অনুমতি ৷

ক'ভিড-19 ভেকচিন
কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ অনুমতি CDSCO পেনেলৰ
author img

By

Published : Oct 23, 2020, 11:04 AM IST

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ : থলুৱাভাৱে নিৰ্মিত ক'ভিড-19 ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰিছে বিশেষজ্ঞৰ পেনেল CDSCO (চেন্ট্ৰেল ড্ৰাগছ ষ্টেনডাৰ্ড কন্ট্ৰল অৰ্গেনাইজেশ্য়ন) এ ৷

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ পাচতে লাভ কৰা হৈছে এই অনুমতি ৷ ইয়াৰ পাচতে ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়া (DCGI)লৈ চূড়ান্ত অনুমতিৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ DCGI য়ে আজিৰ নিশা অথবা কাইলৈৰ ভিতৰত ইয়াৰ চূড়ান্ত অনুমতি প্ৰদান কৰিব ৷

উল্লেখ্য় যে, ভাৰত বায়টেকে ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ সহযোগত সম্পূৰ্ণ থলুৱাভাৱে কোভাক্সিন ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে ৷ হায়দৰাবাদস্থিত ভেকচিন প্ৰস্তুতকাৰী কোম্পানীটোৱে 2 অক্টোবৰত তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি লাভ কৰিছিল ৷

ভাৰত বায়টেকে জানিবলৈ দিছিল যে, এই অধ্যয়নে 18 বছৰৰ উৰ্ধৰ 28,500 লোকক আৰু দিল্লী, মুম্বাই, পাটনা, লক্ষ্নৌৰ লগতে ভাৰতৰ 10 খন ৰাজ্যক সাঙুৰি ল'ব ৷ তথ্য অনুসৰি, প্ৰথম দিনাৰ পৰা 28 সংখ্যক দিনলৈ 0.5 মিলিলিটাৰকৈ ভেকচিনৰ পালি প্ৰদান কৰা হ'ব ৷

5 অক্টোবৰত হায়দৰাবাদত আয়োজন কৰা এক বৈঠকত ভাৰত বায়টেকে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ তথ্য আৰু দুই প্ৰজাতিৰ জন্তুৰ ওপৰত কৰা পৰীক্ষণ আদিৰ তথ্য উপস্থাপন কৰে ৷ লগতে তৃতীয় পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ কৰিবলৈ এই বৈঠকতে আহ্বান জনাই ভেকচিন নিৰ্মাণকাৰী ফাৰ্মখনে ৷

উল্লেখ্য যে, জুলাইত ভাৰত বায়টেকক ক'ভিড-19 ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছিল DCGI য়ে ৷

লগতে পঢ়ক : ঋত্বিক ৰোশনৰ মাতৃ ক'ভিড-19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.