নিউজ ডেস্ক, 1 জানুৱাৰীঃ ভাৰতবৰ্ষৰ প্ৰথম চীফ অফ ডিফেন্স ষ্টাফৰ মুখ্য সেনাধ্যক্ষৰূপে নিযুক্ত হ’ল জেনেৰেল বিপিন ৰাৱাট ৷ ভাৰতবৰ্ষৰ চীফ অফ ডিফেন্স ষ্টাফৰ পোছাকে ভাৰতীয় সেনাৰ মুখ্য উদ্দেশ্যক প্ৰতিফলিত কৰায় ৷ যিয়ে যৌথতা, সংহতকৰণ আৰু সমন্বয় সাধনৰ লক্ষ্যৰ প্ৰতিফলন ঘটায় ৷

থ্ৰী হেডেড লায়নৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ লগক ইন্টিগ্ৰেটেড চাৰ্ভিচ কামাণ্ডৰ দ্বাৰা ব্যৱহৃত প্ৰতীক চিহ্ন য’ত ফ্লায়িং ঈগল আৰু এংকৰ অন্তৰ্ভুক্ত যাক বায়ু, স্থল আৰু নৌসেনাক প্ৰতিনিধিত্ব কৰে ৷ যি শিৰত থাকিব, বুটামত, বেল্ট, কান্ধত তথা চিডিএচৰ দ্বাৰা ব্যৱহৃত গাড়ীৰ পতাকাতো থাকিব ৷

কিন্তু চিডিএচ জেনেৰেল ৰাৱাটে কাৰ্যালয়ৰ দক্ষিণ ব্লকত বহি 13 লাখ সেনাৰ পোছাক পিন্ধা ব্যৱস্থা বৰ্তি ৰাখিব ৷ ই বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সেনা হিচাপে পৰিগণিত হৈছে ৷ তুলনামুলকভাৱে ভাৰতীয় নৌ সেনাৰ প্ৰায় 56,000 কৰ্মীয়ে সেৱা আগবঢ়াই আছে ৷ আনহাতে বায়ু সেনাৰ 1,40,000 কৰ্মীয়ে নিজৰ সেৱা অব্যাহত ৰাখিছে ৷

চৰকাৰে সামৰিক বিষয়ৰ পৰামৰ্শৰ বাবে একক বিন্দু খিৰিকী নীতিৰ ব্যৱহাৰ কৰিছে ৷ চীফ অফ ডিফেন্স ষ্টাফৰ স্থাপনা তাৰেই উদাহৰণ ৷
ইয়াৰ ইতিহাসো অত্যন্ত আমোদজনক ৷ ভাৰতীয় সেনাৰ যৌথ অভিযানৰ অন্তত 1971 চনত বাংলাদেশ মুক্তি যুদ্ধ ভাৰতৰ বাবে এতিয়ালৈকে সবাতোকৈ নিৰ্ণায়ক যুদ্ধৰূপে পৰিগণিত হৈছে ৷ এক চমকপ্ৰদ উদাহৰণ হিচাপে ভাৰতৰ তিনি সামৰিক সেৱাৰ সমন্বয়ৰ ই এক মাইলৰ খুঁটি ৷
এয়াৰ চীফ মাৰ্শ্বাল পি.চি লালে উল্লেখ কৰে যে বাংলাদেশ যুদ্ধই প্ৰমাণ কৰে যে একত্ৰিত তিনি সেনাৰ যুদ্ধই কেনেদৰে মজবুত হিচাপে অৱতীৰ্ণ হোৱাত সহায়ক হৈছিল ৷

আনহাতে 2017 চনত ভাৰতীয় যৌথ সামৰিক সিদ্ধান্তত অগ্ৰণী কৰ্মচাৰী সমিতিৰ তাৎক্ষণিক অধ্যক্ষ আৰু নৌ সেনা মুখ্য এডমিৰেল সুনীল লান্বাই কয় যে সংঘৰ্ষৰ সঘন সলনিয়ে নতুন নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰে যি ভাৰতীয় সৈন্যৰ ওপৰত নিৰ্ভৰশীল ৷ অনুকুল ৰূপত দক্ষ, পৰিশোধিত তথা সক্ষম আৰু কুশল সশস্ত্ৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এই প্ৰত্যাহ্বানক নেওচিব পৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ বাবে কেন্দ্ৰীয় নীতিত ইয়াৰ সংশোধন অত্যন্ত জৰুৰী ৷

ইয়াত কোনো সন্দেহ নাই যে দেশৰ প্ৰথম চীফ অফ ডিফেন্স ষ্টাফে এই দিশেৰে কৰ্মত আগবাঢ়িব ৷
-সঞ্জীব বৰুৱা, জ্যেষ্ঠ সাংবাদিক