ETV Bharat / bharat

ভাৰতত মুকলি প্ৰথমখন চালকবিহীন ৰেল

author img

By

Published : Dec 29, 2020, 6:12 PM IST

অত্য়াধুনিক প্ৰযুক্তি ব্য়ৱহাৰ কৰা হৈছে ভাৰতৰ প্ৰথম চালকবিহীন ৰেলখনত । সোমবাৰে এই সেৱা মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মুকলি কৰিয়ে প্ৰধানমন্ত্ৰী গৰাকীৰ ঘোষণা, ভাৰতৰ ক্ৰমবৰ্ধমান আধুনিকীকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ উন্নয়ণৰ ই এক অন্য়তম উদাহৰণ ।

ভাৰতত মুকলি প্ৰথমখন চালকবিহীন ৰেল
ভাৰতত মুকলি প্ৰথমখন চালকবিহীন ৰেল

নেশ্য়নেল ডেস্ক , ২৯ ডিচেম্বৰ : ভাৰতৰ প্ৰযুক্তিবিদ্য়াৰ ইতিহাসত আন এক নতুন সংযোজন । সোমবাৰে মুকলি কৰা হয় ভাৰতৰ প্ৰথমখন চালকবিহীন ৰেল । দিল্লী চহৰৰ মেজেন্টা লাইনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে এই সেৱাৰ । মুকলি কৰিয়ে প্ৰধানমন্ত্ৰী গৰাকীৰ ঘোষণা ভাৰতৰ ক্ৰমবৰ্ধমান আধুনিকীকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ উন্নয়ণৰ ই এক অন্য়তম উদাহৰণ । লগতে তেওঁ উল্লেখ কৰে যে, ২০২৫ চনৰ ভিতৰত মেট্ৰ' ৰেলৰ এই সেৱা ভাৰতৰ মুঠ ২৫ খন চহৰত মুকলিৰ প্ৰচেষ্টা কৰা হব ।

দিল্লী মেট্ৰ' বিভাগে জনোৱা মতে চালকবিহীন মেট্ৰ' ৰেলে মানুহৰ হস্তক্ষেপ অবিহনে উচ্চ ক্ষমতাসম্পন্ন কেমেৰা আৰু বাধা সংবেদন যন্ত্ৰৰ ব্য়ৱহাৰ কৰি যাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিব ।

মেট্ৰ' ৰেল কতৃপক্ষৰ মতে এই সেৱাৰ যাত্ৰা অতি দ্ৰুত আৰু অধিক সুৰক্ষিত ।

উল্লেখ যে, দিল্লী মেট্ৰ' ৰেল কৰ্পোৰেচনে বহু পৰীক্ষাৰ অন্তত আধুনিক প্ৰযুক্তিৰে আৰম্ভ কৰা এই সেৱা দেশৰ লগতে দিল্লী মেট্ৰ' ৰেল কৰ্পোৰেচনৰ বাবে মাইলৰ খুঁটা হৈ ৰ'ব ।

6টা ডবা থকা এই চালকবিহীন ৰেলত বহু অত্য়াধুনিক প্ৰযুক্তি ব্য়ৱহাৰ কৰা হৈছে । আন ৰেলৰ দৰে ইয়াতো জৰুৰী অৱস্থাত যাত্ৰীৰ সুবিধাৰ্থে বিশেষ চুইছ আছে ৷ কিন্তু এই চুইছ টিপাৰ লগে লগে পৰৱৰ্তী সঞ্চালনৰ বাবে যাত্ৰী থকা সেই স্থানৰ ছবি অপাৰেচন কন্ট্ৰল ৰূমলৈ পঠিওবা হব । প্ৰতিটো ডবাতে ৪টাকৈ এই বিশেষ চুইছ আছে । এয়াই নহয়, সেৱা উপভোগ কৰিব বিচৰা সকলে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অনলাইনৰ জৰিয়তে টিকট ক্ৰয় অথবা ধন পৰিশোধ কৰিব পাৰিব ।

২০০২ চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উদঘাটন কৰা মেট্ৰ' ৰেল সম্প্ৰতি ৩৯০ কিমি অঞ্চল বিয়পি আছে । প্ৰাৰম্ভিক পৰ্যায়ত ৫খন চালক বিহীন ৰেলৰ ব্য়ৱস্থা কৰা হৈছে যদিও পৰৱৰ্তী সময়ত ইয়াৰ সংখ্য়া বৃদ্ধি কৰা হ'ব বুলি টুইটযোগে জানিবলৈ দিয়ে মেট্ৰ' ৰেল কতৃপক্ষই ।

লগতে পঢ়ক : উত্তৰ-পূৱ ৰেলৱে'ৰ 370 ষ্টেচনলৈ বিনামূলীয়া Wi-Fi সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.