নিউজ ডেস্ক, ২৫ জুনঃ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে (CBSE) ১ জুলাইৰ পৰা ১৫ জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে। একেদৰে ICSE (Indian Certificate of Secondary Education) আৰু ISC (Indian School Certificate)য়েও দশম আৰু দ্বাদশ চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ বাতিল কৰিছে।
সৰ্ব্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডক দ্বাদশ শ্ৰেণীৰ পৰীক্ষাক লৈ নতুন বিজ্ঞপ্তি প্ৰদান কৰিবলৈ আৰু ৰাজ্য বোৰ্ড পৰীক্ষাৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়ালয়ত এই সন্দৰ্ভত শুকুৰবাৰেও শুনানি গ্ৰহণ কৰা হ'ব।
চলিচিটাৰ জেনেৰেল তুষাৰ মেহতাই সৰ্ব্বোচ্চ ন্যায়ালয়ত উল্লেখ কৰে যে, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে ১ জুলাইৰ পৰা ১৫ জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ন্যায়াধীশ এ.এম খালবিলকৰ, ন্যায়াধীশ দিনেশ মহেশ্বৰী আৰু ন্য়ায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠক তুষাৰ মেহতাই কোভিড-১৯ ৰ পৰিস্থিতি কিছু উন্নত হ'লেহে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে।
কোভিড-১৯ সংকটৰ বাবে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অন্তিম তিনি দিনৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি মূল্যাংকন কৰা সন্দৰ্ভত সম্প্ৰতি শিক্ষা বিভাগে চৰ্চা অব্যাহত ৰাখিছে বুলি তুষাৰ মেহতাই জানিবলৈ দিয়ে। তেখেতে সৰ্ব্বোচ্চ ন্যায়ালয়ত উল্লেখ কৰে যে, দিল্লী, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত পৰীক্ষা অনুষ্ঠিত কৰাটো অসম্ভৱ। লগতে, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে ছাত্ৰ-ছাত্ৰীসকলক পাছত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্পৰ ক্ষেত্ৰত সহমত নহয়।
উল্লেখ্য যে, সৰ্ব্বোচ্চ ন্য়ায়ালয়ে কেন্দ্ৰ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ ফালৰ পৰা চলিচিটাৰ জেনেৰেল তুষাৰ মেহতাৰ অনুৰোধত এই শুনানি ২৩ জুনলৈকে পিছুৱাই দিয়া হৈছিল। তুষাৰ মেহতাই ন্যায়াধীশ এ.এম খানবিলকৰ বিচাৰপীঠক এই সন্দৰ্ভত উচ্চ পৰ্যায়ত চৰ্চা অব্যাহত আছে বুলি জনাইছিল ।
অভিভাৱকসকলেও জুলাই মাহৰ পৰা দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত , কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ন্য়ায়ালয়ত আৱেদন দাখিল কৰিছিল। কোভিড-১৯ ৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি মূল্যাংকন কৰিবলৈ সৰ্ব্বোচ্চ ন্য়ায়ালয়ক অনুৰোধ জনাইছিল অভিভাৱকসকলে।
লগতে পঢ়ক : বৰমাত চিকিৎসক,নাৰ্চ সহ ১১ গৰাকীক কোৱাৰেন্টাইন