ETV Bharat / bharat

দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে চিবিএছই পৰীক্ষাৰ সময়সূচী ঘোষণা - ৰমেশ পোখৰিয়াল

দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে চিবিএছই ব’ৰ্ডৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ ৷ আগন্তুক 4 মে’ৰ পৰা 10 জুনলৈ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷

CBSE board exam schedule
চিবিএছই পৰীক্ষাৰ সময়সূচী ঘোষণা
author img

By

Published : Feb 2, 2021, 10:46 PM IST

নেশ্যনেল ডেস্ক,2 ফেব্ৰুৱাৰী : মঙলবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই)ৰ ব’ৰ্ড পৰীক্ষাৰ তাৰিখ পত্ৰ ঘোষণা কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে ৷

ব’ৰ্ডে ঘোষণা কৰা মতে, আগন্তুক 4 মে’ৰ পৰা 10 জুনলৈ শাৰীৰিকভাৱে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷ 1 মাৰ্চৰ পৰা বিদ্যালয়ৰ দ্বাৰা ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব । আনহাতে, পৰীক্ষাৰ ফলাফল 15 জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব ।

সাধাৰণতে, প্ৰতিবছৰে জানুৱাৰী মাহত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰা হয় আৰু লিখিত পৰীক্ষা ফেব্ৰুৱাৰীত আৰম্ভ হৈ মাৰ্চ মাহত সমাপ্ত হয় । অৱশ্যে, এইবেলি ক’ভিড মহামাৰীৰ প্ৰতি দৃষ্টি ৰাখি পৰীক্ষাৰ সময়সূচী পিছুৱাই দিয়া হয় ৷

শিক্ষাৰ্থীসকলক চূড়ান্ত পৰীক্ষাৰ বাবে সাজু হ’বলৈ ইতিমধ্যে কেইবাখনো বিদ্যালয়ে অনলাইনযোগে প্ৰি-ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰিছে । পূৰ্বে চিবিএছইয়ে ঘোষণা কৰিছিল যে, 2021 চনৰ ব’ৰ্ড পৰীক্ষা অনলাইনৰ পৰিৱৰ্তে লিখিতভাৱে অনুষ্ঠিত কৰা হ’ব ।

লগতে পঢ়ক : কৰ্ণাটকত আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.