নিউজ ডেস্ক, 31 ডিচেম্বৰ : তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনয় মিশ্ৰৰ কলকাতাস্থিত দুটাকৈ বাসগৃহত বৃহস্পতিবাৰে তালাচী অভিযান চলায় কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে ৷ গৰুৰ অবৈধ ব্যৱসায় আৰু কয়লাৰ খননৰ সন্দৰ্ভত এই অভিযান চলোৱা হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
চিবিআইৰ তালাচীৰ পাছতে বিনয় মিশ্ৰ পলাতক আছে আৰু ইতিমধ্যে নেতাজনৰ বিৰুদ্ধে লুক আউট নোটিছ জাৰি কৰিছে ৷ এয়া প্ৰথমবাৰৰ বাবে অবৈধ গৰুৰ ব্যৱসায়ৰে জড়িত থকাৰ সন্দেহত কোনো তৃণমূল নেতা প্ৰত্যক্ষভাৱে চিবিআইৰ তদন্তৰ আওতালৈ আহিছে ৷ চিবিআইৰ বাহিৰে এই ঘটনাৰ তদন্ত কৰিছে ই ডি আৰু আয়কৰ বিভাগেও ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই ঘটনা সন্দৰ্ভত দেওবাৰে মালডা জিলাত কৰ্মৰত আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু এজন কনিষ্টবলকো জেৰা কৰিছিল চিবিআইয়ে ৷ গৰু সৰবৰাহৰ চক্ৰৰে জড়িত কুখ্যাত মহাম্মদ এনামুল হক সন্দৰ্ভত তথ্য সংগ্ৰহৰ নিমিত্তেই আৰক্ষীৰ লোক কেইজনক জেৰা চলাইছিল চিবিআইয়ে ৷
লগতে পঢ়ক : শৌৰ্য্য চক্ৰ বঁটা প্ৰাপকৰ হত্যাৰে জড়িত খালিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ