ETV Bharat / bharat

হাথৰছৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত চাৰিওজনক অভিযুক্ত কৰিলে চিবিআইয়ে

হাথৰছ কাণ্ডৰ চাৰিওগৰাকী অভিযুক্তক অনুসূচিত জাতি/অনুসূচীত জনজাতি আদালতত অপৰাধ অনুসন্ধান শাখাৰ দ্বাৰা হত্যা আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত সাব্যস্ত কৰা হয় ৷ বিগত 14 ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী 20 বৰ্ষীয় যুৱতীক চাৰিগৰাকীকৈ উচ্চবৰ্ণৰ যুৱকে ধৰ্ষণ কৰি হত্যা কৰে ৷ ইয়াৰ পিছতেই যুৱতীগৰাকী চিকিৎসাধীন অৱস্থাত দিল্লীৰ এখন হাস্পতালত মৃত্যুবৰণ কৰে ৷

author img

By

Published : Dec 19, 2020, 2:26 PM IST

Updated : Dec 19, 2020, 3:02 PM IST

CBI charges Hathras accused with rape and murder
হাথৰছ কাণ্ডৰ চাৰিওজন অভিযক্তক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত চিবিআইৰ

নেশ্যনেল ডেস্ক,19 ডিচেম্বৰ: হাথৰছ কাণ্ডৰ চাৰিগৰাকী অভিযুক্তক অনুসূচিত জাতি/অনুসূচীত জনজাতি আদালতত অপৰাধ অনুসন্ধান শাখাৰ দ্বাৰা হত্যা আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত সাব্যস্ত কৰা হয় ৷ এই কথা সদৰি কৰে অভিযুক্তৰ অধিবক্তাই ৷

বিগত 14 ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী 20 বৰ্ষীয় যুৱতীক চাৰিগৰাকীকৈ উচ্চবৰ্ণৰ যুৱকে ধৰ্ষণ কৰি হত্যা কৰে ৷ ইয়াৰ পিছতেই যুৱতীগৰাকী চিকিৎসাধীন অৱস্থাত দিল্লীৰ এখন হাস্পতালত মৃত্যুবৰণ কৰে ৷ 30 ছেপ্তেম্বৰত ভুক্তভোগী যুৱতীগৰাকীক নিজৰ বাসগৃহৰ সন্মুখৰ পথাৰত অন্তিম সৎকাৰ কৰা হয় ৷ আৰক্ষীয়ে পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীৰ বিৰোধিতাৰ পিছতো নিশাৰ অন্ধকাৰতে যুৱতীগৰাকীক সৎকাৰ কৰে ৷ এই ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰে ৷

অক্টোবৰত উচ্চতম ন্যায়ালয়ে জনায় যে, চিবিআইৰ দ্বাৰা চলি থকা ঘটনাৰ তদন্ত প্ৰক্ৰিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিব ৷ সমান্তৰালকৈ, এলাহাবাদ উচ্চ ন্যায়ালয়ে নিশাৰ ভাগতে অন্তিম সৎকাৰৰ ঘটনাৰ গুৰুত্ব প্ৰদান কৰি ইয়াৰ ৰায়দান কৰে ৷

ইয়াৰ মাজতে চাৰিওগৰাকী অভিযুক্তই তেওঁলোকক ভুৱা গোচৰত আটক কৰা বুলি ব্যক্ত কৰি কাৰাগাৰৰ পৰাই উত্তৰ প্ৰদেশ আৰক্ষীলৈ ন্যায় বিচাৰি আবেদন কৰে ৷ তেওঁলোকে ভুক্তভোগীৰ মাতৃ আৰু ভাতৃক যুৱতীগৰাকীক মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰে ৷ আনহাতে, এই অভিযোগক নাকচ কৰে ভুক্তভোগীৰ পৰিয়ালবৰ্গই ৷

চলিত সপ্তাহৰ আৰম্ভণিতে চিবিআইয়ে ঘটনাৰ অনুসন্ধানৰ বাবে আৰু কিছুদিনৰ সময় বিচাৰে ৷ ইয়াৰ পিছতেই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে বুধবাৰে 27 জানুৱাৰীত শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য কৰে ৷

লগতে পঢ়ক-হাথৰছ কাণ্ডৰ চাৰি অভিযুক্তৰ বিৰুদ্ধে অপৰাধনামা দাখিল

Last Updated : Dec 19, 2020, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.