ETV Bharat / bharat

সন্ধানহীন এগৰাকী কিশোৰী উদ্ধাৰ হ'ল সোতৰ মাহৰ পিছত

author img

By

Published : Nov 24, 2020, 10:41 PM IST

আত্মীয়ৰ ঘৰলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হোৱা এগৰাকী কিশোৰীক 17 মাহৰ অন্তত উদ্ধাৰ কৰে চিবিআইয়ে ৷ অৰুণ পাল নামৰ এজন যুৱকে কিশোৰীক অপহৰণ কৰি লৈ গৈছিল পাঞ্জাৱলৈ ৷ কিশোৰীগৰাকীৰ সন্ধানহীন হোৱাৰ গোচৰ চিবিআইত ৰুজু কৰাৰ প্ৰায় 17 মাহৰ অন্তত অভিযুক্ত অৰুণ পালক আটক কৰাৰ লগতে কিশোৰীগৰাকীকো উদ্ধাৰ কৰে চিবিআইৰ এটা দলে ৷

CBI arrests accused in missing minor tribal girl case
সোতৰ মাহৰ পিছত উদ্ধাৰ হ'ল সন্ধানহীন হোৱা কিশোৰী

নেশ্যনেল ডেস্ক, 24 নৱেম্বৰ: গোচৰ ৰুজু কৰাৰ প্ৰায় 17 মাহৰ অন্তত কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ অনুসন্ধানত আটক হ'ল এজন অপহৰনকাৰী ৷ খবৰ অনুসৰি মধ্য প্ৰদেশৰ বিণ্ডাত থকা আত্মীয়ৰ ঘৰলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল এগৰাকী জনজাতীয় কিশোৰী ৷ কিশোৰীগৰাকীৰ সন্ধানহীন হোৱাৰ ঘটনাৰ তদন্ত চলি থকাৰ সময়তে অভিযুক্ত অৰুণ পালক মঙ্গলবাৰে চিবিআইয়ে আটক কৰে ।

চিবিআইৰ এজন শীৰ্ষবিষয়াই কয় যে, চিবিআইয়ে যুৱকজনক পাঞ্জাৱৰ পৰা আটক কৰাৰ লগতে সন্ধানহীন কিশোৰীগৰাকীকো উদ্ধাৰ কৰে ৷ বেংক একাউণ্টৰ সৈতে সংযোজিত ম'বাইল নম্বৰৰ ভিত্তিতে যুৱকজনক পাঞ্জাৱৰ ৰাজপুৰাৰ পৰা আটক কৰা হৈছিল । যুৱকজনক নিজৰ জিম্মাত ল’বৰ বাবে চিবিআইয়ে আদালতক জনাব আবেদন ।

উল্লেখ্য যে, মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ২০১৯ চনৰ ডিচেম্বৰ মাহৰ এক আদেশৰ পাছতে চিবিআইয়ে এই বছৰৰ ১ জানুৱাৰীত গোচৰটো পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷ কিশোৰীগৰাকীৰ পিতৃয়ে অভিযোগ কৰা মতে, তেওঁৰ ছোৱালীজনীক অৰুণ পাল আৰু আন এজন ব্যক্তিয়ে মটৰ চাইকেলত লৈ গৈছিল আৰু তেওঁলোকক অনুসৰণ কৰোতে তেওঁক ভাবুকি প্ৰদান কৰিছিল ৷ অৱশ্যে স্থানীয় আৰক্ষীয়ে অভিযুক্তজনৰ এজন বন্ধুক আটক কৰিছিল; যাৰ বাইকখন এই ঘটনাত ব্যৱহাৰ কৰা হৈছিল।

লগতে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ বিচিপিএলৰ শেষ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.