ETV Bharat / bharat

খেতি নষ্ট কৰাৰ বাবেই ভাৰতীয় সেনাৰ বিৰুদ্ধে গোচৰ - ভাৰতীয় সেনা

ভাৰতীয় স্থলসেনাৰ এগৰাকী কৰ্ণেলৰ সৈতে চল্লিশগৰাকী জোৱানৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ ৷ মহাৰাষ্ট্ৰৰ পুনে জিলাৰ খেড় অঞ্চলৰ এক বিবাদমান এলেকাত থকা খেতি মাটিৰ শইচ নষ্ট কৰাৰ বাবেই সেনা বিষয়াগৰাকীৰ লগতে জোৱানসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷

খেতি নষ্ট কৰাৰ বাবেই ভাৰতীয় সেনাৰ বিৰুদ্ধে গোচৰ
author img

By

Published : Jun 25, 2019, 5:31 PM IST

নিউজ ডেস্ক, 25 জুনঃ খেতিৰ শইচ নষ্ট কৰাৰ বাবেই ভাৰতীয় স্থল সেনাৰ এটা ইউনিটৰ ওপৰত ৰুজু কৰা হৈছে গোচৰ ৷ মহাৰাষ্ট্ৰৰ পুনে জিলাৰ খেড় অঞ্চলত থকা এক বিবাদমান ভূমিৰ শইচ নষ্ট কৰাৰ অভিযোগত এগৰাকী কৰ্ণেলকে ধৰি চল্লিশগৰাকী জোৱানৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷

ঘটনা অনুসৰি,মনিকা গেড়ে নামৰ মহিলাগৰাকীৰ দীৰ্ঘদিনৰ পৰাই কেডাৰ গায়কৱাড় নামৰ কৰ্ণেলগৰাকীৰ সৈতে মাটিক লৈ এক কাজিয়া চলি আছিল ৷ বিবাদপূৰ্ণ মাটিখিনিত মনিকাই চয়াবিনৰ খেতি কৰিছিল যদিও সেনা বিষয়াগৰাকীয়ে লগত চল্লিশ জনীয়া সেনাৰ দল এটি লৈ সমগ্ৰ খেতিপথাৰৰ লগতে শইচখিনি নষ্ট কৰি পেলায় ৷ ইয়াৰ পিচতেই স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে মনিকা গেড়ে ৷

সেনা বিষয়াগৰাকীৰ লগতে সেনা জোৱানৰ বিৰুদ্ধে এইদৰে দেশত প্ৰথমবাৰৰ বাবে কোনো গোচৰ ৰুজু হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ ইতিমধ্যে অভিযুক্ত সেনা বিষয়াগৰাকীৰ বিৰুদ্ধে স্থানীয় খেড় আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 143,ধাৰা 144আৰু ধাৰা 149 অনুসৰি গোচৰ ৰুজু হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.