ETV Bharat / bharat

ৰাষ্ট্ৰসংঘৰ স্বীকৃত 130 সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানঃ ভাৰত - প্ৰধানমন্ত্ৰী

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক ওভোটাই ধৰিলে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰাই ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিয়া পাকিস্তানী প্ৰধানমন্ত্ৰীগৰাকীক তেওঁৰ দেশত থকা 130 গৰাকী ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত সন্ত্ৰাসবাদী আৰু 25টাকৈ সন্ত্ৰাস ঘাটিৰ বিৰুদ্ধে জনাবলৈ কয় বৈদেশিক সচিবগৰাকীয়ে ৷

ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানক ওভোটাই ধৰিলে ভাৰতে
author img

By

Published : Sep 28, 2019, 8:41 PM IST

নিউজ ডেস্ক, 28 ছেপ্টেম্বৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত কাশ্মীৰ সমস্যাক লৈ প্ৰদান কৰা ভাষণত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ওভোটাই ধৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰাই ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পাৰমাণৱিক শক্তিৰে ভাবুকি প্ৰদান কৰাটো অস্থিৰতাবাদীৰ পৰিচয়,ৰাষ্ট্ৰনেতাৰ নহয় ৷ পাকিস্তানে আজিৰ দিনত নিজৰ দেশত থকা 130 গৰাকী গোলকীয় সন্ত্ৰাসবাদীৰ লগতে 25টা সন্ত্ৰাসবাদ ঘাটিৰ পৰিচয় ৰাজহুৱা কৰিবলৈ সক্ষম হ'বনে বুলি প্ৰশ্ন উত্থাপন কৰে বৈদেশিক সচিবগৰাকীয়ে ৷

ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানক ওভোটাই ধৰিলে ভাৰতে

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 74সংখ্যক অধিবেশনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষণত বহুকেইটা ক্ষতিকাৰক শব্দৰ প্ৰয়োগ কৰে ৷ যিকেইটা শব্দ বিশ্ববাসীৰ বাবে চিন্তাৰ কাৰণ,বিশ্ববাসীৰ পৰিচয়ৰ বাবে সন্দেহৰ কাৰণ বুলি কয় ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰাই ৷

  • #WATCH Vidisha Maitra, First Secretary MEA exercises India's right of reply to Pakistan PM Imran Khan's speech says, "Can Pakistan PM confirm the fact it is home to 130 UN designated terrorists and 25 terrorist entities listed by the UN, as of today?" pic.twitter.com/vGFQH1MIql

    — ANI (@ANI) September 28, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষণৰ কঠোৰ সমালোচনাৰে ভাৰতে পাকিস্তানক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ৷ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানে হস্তক্ষেপ কৰিব নোৱাৰে ৷ নিজৰ দেশত থকা আভ্যন্তৰীণ সমস্যা সমাধান কৰাৰ বাবে পাকিস্তানে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰাই ৷

আনহাতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত বহুকেইটা ভুল সংঘটিত কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এবাৰ ৰাষ্ট্ৰপতি বুলি সম্বোধন কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতত পুলৱামা সদৃশ আন এক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ লগতে তেজৰ নদী বৈ যাব বুলি ভাবুকি প্ৰদান কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক বগা কাপোৰ পৰিহিত ডকাইতৰ দল বুলিও উল্লেখ কৰে ইমৰান খানে ৷

Intro:Body:

Can Pakistan confirm the fact it is home to 130 UN-designated terrorists: India

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.