ETV Bharat / bharat

15 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰে কেবিনেট সচিবৰ বৈঠক - 'Unlock-2' সম্পৰ্কত বৈঠক

কেবিনেট সচিব ৰাজীৱ গৌৱাই শনিবাৰে 15 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ COVID-19 ৰ শেহতীয়া পৰিস্থিতি আৰু বৰ্তমান কাৰ্যকৰী হৈ থকা 'Unlock-2' সম্পৰ্কত এই বৈঠকত আলোচনা কৰা হয় ৷

ৰাজীৱ গৌৱা
15 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰে কেবিনেট সচিবৰ বৈঠক
author img

By

Published : Jul 5, 2020, 9:43 AM IST

নেশ্যনেল ডেস্ক, 5 জুলাই : কেবিনেট সচিব ৰাজীৱ গৌৱাই শনিবাৰে 15 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ COVID-19 ৰ শেহতীয়া পৰিস্থিতি আৰু বৰ্তমান কাৰ্যকৰী হৈ থকা 'Unlock-2' সম্পৰ্কত এই বৈঠকত আলোচনা কৰা হয় ৷

15 খন ৰাষ্ট্ৰৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিবসকলক স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশনাৱলী কঠোৰভাৱে ৰাজ্যসমূহত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় ৷

ইয়াৰোপৰি, এই সময়ছোৱাত নিৰ্দেশনাৱলীৰ অধীনত অৰ্থনৈতিক কাৰ্যসমূহো অব্যাহত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ এই বৈঠকত উপস্থিত থকা ৰাজ্যসমূহ হৈছে মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, গুজৰাট, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা, বিহাৰ, অসম আৰু জম্মু-কাশ্মীৰ ৷

'Unlock 2' ঘোষণাৰ সময়ত স্বাস্থ্য মন্ত্ৰণালয়ে কনটেইনমেন্ট জ'নসমূহৰ বাহিৰৰ অঞ্চলত বিদ্যালয়, কলেজ, চিনেমা আৰু বাৰ সমূহৰ বাহিৰে অন্য কাৰ্যসমূহ খুলিব পাৰিব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, 1 জুলাইৰ পৰা Unlock-2 কাৰ্যকৰী কৰা হৈছে আৰু সমগ্ৰ মাহজুৰি এয়া কাৰ্যকৰী হ'ব ৷

লগতে পঢ়ক : ভাৰতৰ প্ৰথমগৰাকী সমলিংগ কমন ছাৰ্ভিচ চেন্টাৰ অপাৰেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.