ETV Bharat / bharat

কোভিড-19 ৰ বিৰুদ্ধে যুঁজ : দৰমহা কৰ্তন হ'ব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, সাংসদৰ - কৰ্তন যাব সাংসদৰ এবছৰৰ দৰমহাৰ 30 শতাংশ

কৰ্তন যাব সাংসদৰ এবছৰৰ দৰমহাৰ 30 শতাংশ ৷ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ৰাজ্যসমূহৰ ৰাজ্যপালসকলেও স্ব-ইচ্ছাৰে নিজৰ দৰমহা কৰ্তনৰ বাবে সাজু হৈছে ৷

কোভিড-19 ৰ বিৰুদ্ধে যুঁজ
দৰমহা কৰ্তন হ'ব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, সাংসদৰ
author img

By

Published : Apr 6, 2020, 11:14 PM IST

নেশ্যনেল ডেস্ক, 6 এপ্ৰিল : কোভিড-19 ক মষিমূৰ কৰাৰ উদ্দেশ্যে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে এখন অধ্যাদেশ গৃহীত কৰে ৷ এই অধ্যাদেশ অনুসৰি, সাংসদসকলৰ এবছৰৰ বাবে দৰমহা, বানচ আৰু পেঞ্চন 30 শতাংশলৈ কৰ্তন যাব ৷ কৰ্তন যোৱা সমগ্ৰ ধনৰাশি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে ব্যৱহাৰ কৰা যাব বুলি প্ৰকাশ কৰা হৈছে ৷

এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে কয় যে, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ৰাজ্যসমূহৰ ৰাজ্যপালসকলেও স্ব-ইচ্ছাৰে নিজৰ দৰমহা কৰ্তন কৰাবলৈ সাজু হৈছে ৷

1 এপ্ৰিল, 2020 ৰ পৰা এবছৰৰ বাবে 30 শতাংশলৈ দৰমহা,বানচ আৰু পেঞ্চন 30 শতাংশলৈ কৰ্তন কৰাৰ অধ্যাদেশ জাৰি কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই ধনৰাশি Consolidated Fund of India লৈ যাব বুলিও জনায় প্ৰকাশ জাভাদেকাৰে ৷

ইয়াৰোপৰি, কেবিনেটে 2020-21 আৰু 2021-22 বৰ্ষৰ সাংসদৰ আঞ্চলিক পুঁজি বাতিল কৰি সেই পুঁজি স্বাস্থ্যখণ্ডত ব্যৱহাৰ হ'ব বুলিও মন্তব্য কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.