নিউজ ডেক্স, 27 ডিচেম্বৰ : পুনৰবাৰ যোগী আদিত্যনাথ চৰকাৰে স্থগিত কৰিলে ইন্টাৰনেট সেৱা ৷ শুকুৰবাৰৰ মাজনিশালৈ বৃদ্ধি কৰা হ'ল উত্তৰ প্ৰদেশৰ 21খন জিলাৰ ইন্টাৰনেট সেৱা ৷ প্ৰাথমিকভাৱে ৰাজ্যখনৰ 9খন জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰিছিল যদিও বৃহস্পতিবাৰে মাজনিশা অতিৰিক্ত মুখ্য সচিব (গৃহ) অবনীশ অৱস্থীয়ে মন্তব্য কৰে শুকুৰবাৰৰ মাজনিশালৈ মুঠ 21খন জিলাত বন্ধ থাকিব ইন্টাৰনেট সেৱা ৷
ইন্টাৰনেট সেৱা বন্ধ থকা ঠাই সমূহ হৈছে লক্ষ্ণৌ,হাপুৰ,গাজিয়াবাদ,বুলান্দচহৰ,মীৰাট,কাণপুৰ,ফিৰোজাবাদ,বেৰিলি,সাহাৰানপুৰ,বিজনোৰ,ৰামপুৰ,আমৰোহা,বহৰাইচ, মুজাফফৰনগৰ,সম্ভাল,চামিলী,বাৰাণসী,আজমগড়,মোৰাদাবাদ,আগ্ৰা আৰু আলিগড় ৷
আইন শৃংখলা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পি.ভি ৰামশাস্ত্ৰীয়ে কয় ৰাজ্যৰ বিভিন্ন জিলাত নিৰাপত্তা কৰ্মীক দায়িত্ব দিয়া হৈছে ৷ ইন্টাৰনেট সেৱা 1 দিনৰ কাৰণে বন্ধ কৰি দিয়া হৈছিল আৰু চ'ছিয়েল মেডিয়াৰ কন্টেন্ট পৰ্যবেক্ষণ কৰি থকা হৈছিল ৷ একেৰাহে ইন্টাৰনেট সেৱা বন্ধ কৰি থোৱা বাবে জনসাধাৰণৰ মনত সৃষ্টি কৰিছে আশংকাই ৷ প্ৰয়াগৰাজৰ ছাত্ৰ মানৱ অগ্নিহোত্ৰীয়ে IANS ক মন্তব্য কৰে যে ইন্টাৰনেট বন্ধই পঢ়া-শুনাত বিৰূপ প্ৰভাৱ পেলাইছে ৷ যিহেতু ইন্টাৰনেটৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী বছৰত ছিভিল ছাৰ্ভিছৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ৷ উত্তৰ প্ৰদেশত ইৰন্টাৰনেট বন্ধই নতুন বছৰ উদযাপনত প্ৰভাৱ পেলাব ৷
আৰক্ষী আৰু পেৰা-মিলিটেৰী বাহিনীয়ে সাম্প্ৰদায়িক ৰূপত সংবেদনশীল চহৰত ফ্লেগ মাৰ্চ কৰিব আৰু মৌলবী সকলে শুকুৰবাৰে নামাজ পঢ়াৰ পাছত শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় ৷
আৰু পঢ়ক : উত্তৰ প্ৰদেশৰ গান্ধীজীৰ স্মৃতি বিজড়িত প্ৰাৰ্থনা গৃহটি