নিউজ ডেস্ক, 17 মে’: পশ্চিম বংগৰ জলপাইগুড়িত দেওবাৰে যাত্ৰীবাহী বাছৰ দুৰ্ঘটনা ৷ লক ডাউনৰ ফলত অন্য ৰাজ্যত আবদ্ধ হৈ থকা বহুকেইজন লোক বাছেৰে নিজ ঠাইলৈ ওভতাৰ পথত জলপাইগুড়িত বাছখন পথৰ দাঁতিত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত মুঠ 15 জন যাত্ৰী আহত হয় আৰু ততাতৈয়াকৈ ধুপগুড়ি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত যাত্ৰীকেইজনক ৷ জানিব পৰা মতে, দুৰ্ঘটনাটোৰ পিছত পলাই পত্ৰং দিয়ে বাছখনৰ চালকজনে ৷
বাছখনত থকা যাত্ৰীসকল পশ্চিম বংগৰ সাহুদাংগীৰ এটা ইটা ভাটাত শ্ৰমিক হিচাপে কাম কৰিছিল ৷ গুৰুতৰভাৱে আহতসকলৰ ভিতৰত 3টা শিশু আৰু 4 গৰাকী মহিলা বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত ইতিমধ্যে ধুপগুড়ি আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : শোনিতপুৰত প্ৰথমজন কৰ'ণাত আক্ৰান্ত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95