নিউজ ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী : সংসদত 2021-22 বৰ্ষৰ সাধাৰণ বাজেট দাখিল ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে সাধাৰণ বাজেট ৷ সাধাৰণ বাজেটত দেশৰ অন্য বিভাগৰ লগতে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা ৷ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে 2021-22 বৰ্ষৰ বাজেটত 2,23,846 কোটি টকা ঘোষণা ৷
একেদৰে, দেশত পুনৰ 35,000 কোটি নতুন ক'ভিড প্ৰতিষেধক প্ৰস্তুত কৰা হ'ব বুলি বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ ইফালে, 'প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বচ্চ যোজনা'ৰ অধীনত আগন্তুক 6 বছৰৰ উন্নয়নৰ বাবে 64,180 কোটি টকাৰ পেকেজ ঘোষণা কৰে ৷
লগতে পঢ়ক : নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি