ETV Bharat / bharat

চাইক্লিষ্ট ৰিয়াজক ঈদৰ উপহাৰ প্ৰদান কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে - ৰিয়াজ বিহাৰৰ মধুবনী জিলাৰ বাসিন্দা

চাইক্লিষ্ট ৰিয়াজক ঈদৰ উপহাৰ হিচাপে এখন ৰেচিং চাইকেল উপহাৰ দিলে ৰাষ্ট্ৰপতি কোবিন্দে ৷ ৰিয়াজক প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ বাবে এই চাইকেলখন উপহাৰ দিয়ে কোবিন্দে ৷

ৰিয়াজক ৰেচিং চাইকেল প্ৰদান কোবিন্দৰ
চাইক্লিষ্ট ৰিয়াজক ঈদৰ উপহাৰ প্ৰদান কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে
author img

By

Published : Aug 1, 2020, 3:50 PM IST

নেশ্যনেল ডেস্ক, 1 আগষ্ট : ৰিয়াজ,নৱম শ্ৰেণীত অধ্যয়নৰত দিল্লীৰ এজন চাইক্লিষ্ট ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে বিশ্বমানৰ এজন চাইক্লিষ্ট হ'বৰ বাবে ঈদৰ উপহাৰ হিচাপে ৰিয়াজক প্ৰদান কৰে এখন ৰেচিং চাইকেল ৷

ৰিয়াজক ৰেচিং চাইকেল প্ৰদান কোবিন্দৰ
চাইক্লিষ্ট ৰিয়াজক ঈদৰ উপহাৰ প্ৰদান কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে

আনন্দ বিহাৰৰ সৰ্বোদয় বাল বিদ্যালয়ত অধ্যয়নৰত ৰিয়াজ বিহাৰৰ মধুবনী জিলাৰ বাসিন্দা ৷ ৰিয়াজৰ দুই ভগ্নী আৰু এজন ভাতৃ মধুবনীত বাস কৰাৰ পৰিৱৰ্তে ৰিয়াজে গাজিয়াবাদৰ মহাৰাজপুৰত পিতৃৰ সৈতে এক ভাড়াঘৰত বাস কৰে ৷ পিতৃৰ ব্যৱসায়ত সহায় কৰা ৰিয়াজে আজৰি সময়ত গাজিয়াবাদৰ এখন ভোজনশালাত বনকৰা ল'ৰা হিচাপে কাম কৰে ৷

ৰিয়াজৰ ৰুচি হৈছে চাইক্লিং, সেয়েহে অধ্যয়ন আৰু বন কৰাৰ পাচতে তেওঁ চাইক্লিং অনুশীলন কৰে ৷ 2017 চনত দিল্লী ৰাজ্যিক চাইক্লিং চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল ৷ গাজিয়াবাদ জিলা প্ৰশাসনৰ মতে, তেওঁ গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়াতো অংশগ্ৰহণ কৰিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷

সংবাদ মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰিয়াজৰ সংগ্ৰামৰ কথা জানিব পাৰে ৷ প্ৰশিক্ষক প্ৰমোদ শৰ্মাৰ পৰা তেওঁ পেশাদাৰী প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত ৰিয়াজে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷

প্ৰশিক্ষণৰ বাবে ৰিয়াজে চাইকেল ধাৰলৈ ল'বলগা হয় ৷ সেয়েহে তেওঁ প্ৰশিক্ষণৰ সুবিধাৰ বাবে নিজে এখন চাইকেলৰ অধিকাৰী হোৱাৰ সপোন দেখিছিল আৰু ঈদৰ পবিত্ৰ দিনটোত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ এই সপোন সাৰ্থক কৰে৷

এক বিবৃতিত কোৱা হয়, "ৰাষ্ট্ৰ গঠনৰ বাবে যুৱচামক উৎসাহিত কৰাৰ উদ্দেশ্যে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে স্কুলীয়া ছাত্ৰ ৰিয়াজনক এখন ৰেচিং চাইকেল উপহাৰ হিচাপে প্ৰদান কৰে ৷"

কোবিন্দে ৰিয়াজক আন্তৰাষ্ট্ৰীয় চেম্পিয়ন হ'বলৈ উৎসাহিত কৰাৰ লগতে তেওঁৰ কষ্টৰ জৰিয়তে দেখা সপোনক উপলব্ধি কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : বিশাখাপট্টনমৰ ভিজাগত ক্ৰেন বাগৰি নিহত 10 জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.