ETV Bharat / bharat

BGBৰ গুলীত নিহত এজন BSF জোৱান

বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ (BGB) আৰু সীমা সুৰক্ষা বল (BSF)ৰ Flag Meetingৰ মাজত অঘটন ৷ আলোচনাৰ মাজতে গুলীচালনা কৰা BGB জোৱানৰ আক্ৰমণত নিহত এজন BSF জোৱান,আহত হয় আন এজন জোৱান ৷

BGBৰ গুলীত নিহত এজন BSF জোৱান
author img

By

Published : Oct 17, 2019, 7:29 PM IST

নিউজ ডেস্ক, 17 অক্টোবৰঃ পাকিস্তানৰ পিচত এইবাৰ বাংলাদেশী সেনাৰ গুলিত নিহত ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান ৷ বৃহস্পতিবাৰে পশ্চিমবংগৰ ভাৰত-বাংলা সীমান্তত সংঘটিত হয় এই ঘটনা ৷ ভাৰতৰ সীমা সুৰক্ষা বল(BSF) আৰু বাংলাদেশৰ বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ (BGB)ৰ মাজত অনুষ্ঠিত হোৱা Flag Meetingত সংঘটিত হয় গুলিচালনাৰ ঘটনা ৷

বিজিবিৰ গুলিত আঘাতপ্ৰাপ্ত বিএছএফ জোৱান

লগতে পঢ়কঃ তেজপুৰ জীয়াভৰলী নৈত ভয়ংকৰ নাও দুৰ্ঘটনা

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাৰ অধীনস্থ কাকমাৰিচৰ বৰ্ডাৰ প'ষ্টৰ অধীনস্থ পদ্মা নদীত ৰাতিপুৱাৰ ভাগত সংঘটিত হয় ঘটনাটো ৷ BGBৰ এটা দলে পদ্মা নদীৰ মাজৰ চৰত উপস্থিত হৈ BSFৰ পহৰাদাৰী দলক তিনিজনীয়া ভাৰতীয় মাছমৰীয়া দলে বাংলাদেশ সীমান্তত প্ৰৱেশৰ কথা জনায় ৷ পৰৱৰ্তী সময়ত BSFৰ 117 বেটেলিয়নৰ এগৰাকী উপ-পৰিদৰ্শকসহ ছয়জনীয়া এটা দলে ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ BGBৰ ওচৰলৈ যায় ৷ কিন্তু আলোচনাৰ পৰিৱৰ্তে BSFৰ ওপৰত গুলিচালনা কৰে BGBৰ এগৰাকী জোৱানে ৷ BSFৰ সুত্ৰই আক্ৰমণকাৰী BGB জোৱানজনক চৈয়দ বুলি চিনাক্ত কৰিছে ৷ BGB জোৱান চৈয়দে নিজৰ AK 47 ৰাইফলেৰে BSF বাহিনীলৈ বুলি কৰা গুলিচালনাত বিজয় ভান সিং নামৰ BSF হেড কনিষ্টবলগৰাকী থিতাতে নিহত হয় ৷ আনহাতে কনিষ্টবল ৰাজবীৰ যাদৱ নামৰ জোৱানজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ BGB জোৱান চৈয়দৰ আক্ৰমণত বিজয় ভান সিঙৰ মূৰত গুলি লগাৰ বিপৰীতে ৰাজবীৰ যাদৱৰ হাতত আৰু ভৰিত দুটাকৈ গুলি লাগে ৷

4,096 কিলোমিটাৰ দীঘলীয়া ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাৰ দায়িত্বত ভাৰতীয় ফালত BSFএ সমাপন কৰাৰ লগতে বাংলাদেশৰ ফালত BGBএ সমাপন কৰি আহিছে ৷ দুয়োখন দেশৰ মাজৰ সামৰিক সম্পৰ্কত এনেকুৱা গুলিচালনাৰ ঘটনা সংঘটিত হোৱাৰ নজিৰ নাই যদিও আজি সংঘটিত হোৱা ঘটনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগতে কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীক অধিক সক্ৰিয় কৰি তুলিছে ৷ ঘটনাৰ পিচতে BGBৰ নিৰ্দেশক প্ৰধান মেজৰ জেনেৰেল শ্বাফিনুল ইছলাম আৰু BSFৰ মহানিৰ্দেশক ভিকে জোহৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ অনুষ্ঠিত হয় ৷ ঘটনা সন্দৰ্ভত BGBৰ নিৰ্দেশক প্ৰধানগৰাকীয়ে BSFক এক উচ্চ পৰ্যায়ৰ তদন্তৰ আশ্বাস প্ৰদান কৰিছে ৷ আনহাতে BSFএ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ক তথ্য প্ৰদান কৰাৰ লগতে সীমান্তত সুৰক্ষা অধিক কটকটীয়া কৰি তুলিছে ৷

Intro:Body:

BGBৰ গুলীত নিহত এজন BSF জোৱান 

বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ (BGB) আৰু সীমা সুৰক্ষা বল (BSF)ৰ Flag Meetingৰ মাজত অঘটন ৷ আলোচনাৰ মাজতে গুলীচালনা কৰা BGB জোৱানৰ আক্ৰমণত নিহত এজন BSF জোৱান, আহত হয় আন এজন জোৱান ৷

নিউজ ডেস্ক, 17 অক্টোবৰঃ পাকিস্তানৰ পিচত এইবাৰ বাংলাদেশী সেনাৰ গুলিত নিহত ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান ৷ বৃহস্পতিবাৰে পশ্চিমবংগৰ ভাৰত-বাংলা সীমান্তত সংঘটিত হয় এই ঘটনা ৷ ভাৰতৰ সীমা সুৰক্ষা বল(BSF) আৰু বাংলাদেশৰ বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ (BGB)ৰ মাজত অনুষ্ঠিত হোৱা Flag Meetingত সংঘটিত হয় গুলিচালনাৰ ঘটনা ৷ 

পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাৰ অধীনস্থ কাকমাৰিচৰ বৰ্ডাৰ প'ষ্টৰ অধীনস্থ পদ্মা নদীত ৰাতিপুৱাৰ ভাগত সংঘটিত হয় ঘটনাটো ৷ BGBৰ এটা দলে পদ্মা নদীৰ মাজৰ চৰত উপস্থিত হৈ BSFৰ পহৰাদাৰী দলক তিনিজনীয়া ভাৰতীয় মাছমৰীয়া দলে বাংলাদেশ সীমান্তত প্ৰৱেশৰ কথা জনায় ৷ পৰৱৰ্তী সময়ত BSFৰ 117 বেটালিয়নৰ এগৰাকী উপ-পৰিদৰ্শকসহ ছজনীয়া এটি দলে ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ BGBৰ ওচৰলৈ যায় ৷ কিন্তু আলোচনাৰ পৰিৱৰ্তে BSFৰ ওপৰত গুলিচালনা কৰে BGBৰ এগৰাকী জোৱানে ৷ BSFৰ সুত্ৰই আক্ৰমণকাৰী BGB জোৱানজনক চৈয়দ বুলি চিনাক্ত কৰিছে ৷ BGB জোৱান চৈয়দে নিজৰ AK 47 ৰাইফলেৰে BSF বাহিনীলৈ বুলি কৰা গুলিচালনাত বিজয় ভান সিং নামৰ BSF হেড কনিষ্টবলগৰাকী থিতাতে নিহত হয় ৷ আনহাতে কনিষ্টবল ৰাজবীৰ যাদৱ নামৰ জোৱানজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ BGB জোৱান চৈদয়ৰ আক্ৰমণত বিজয় ভান সিঙৰ মুৰত গুলি লগাৰ বিপৰীতে ৰাজবীৰ যাদৱৰ হাতত আৰু ভৰিত দুটাকৈ গুলি লাগে ৷ 

4,096 কিলোমিটাৰ দীঘলীয়া ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাৰ দায়িত্বত ভাৰতীয় ফালত BSFএ সমাপন কৰাৰ লগতে বাংলাদেশৰ ফালত BGBএ সমাপন কৰি আহিছে ৷ দুয়োখন দেশৰ মাজৰ সামৰিক সম্পৰ্কত এনেকুৱা গুলিচালনাৰ ঘটনা সংঘটিত হোৱাৰ নজিৰ নাই যদিও আজি সংঘটিত হোৱা ঘটনাই ভাৰতীয় গৃহ মন্ত্ৰালয়ৰ লগতে কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীক অধিক সক্ৰিয় কৰি তুলিছে ৷ ঘটনাৰ পিচতে BGBৰ নিৰ্দেশকপ্ৰধান মেজৰ জেন. শ্বাফিনুল ইছলাম আৰু BSFৰ মহানিৰ্দেশক ভিকে জোহৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ অনুষ্ঠিত হয় ৷ ঘটনা সন্দৰ্ভত BGBৰ নিৰ্দেশকপ্ৰধানগৰাকীয়ে BSF এক উচ্চ পৰ্যায়ৰ তদন্তৰ আশ্বাস প্ৰদান কৰিছে ৷ আনহাতে BSFএ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ক তথ্য প্ৰদান কৰাৰ লগতে সীমান্তত সুৰক্ষা অধিক কটকটীয়া কৰি তুলিছে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.