ETV Bharat / bharat

ভাৰত-চীন উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে বাংলাদেশত বিএছএফ আৰু বিজিবিৰ সন্মিলন

author img

By

Published : Sep 16, 2020, 10:36 PM IST

সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু সীমান্ত বাহিনী বাংলাদেশ (বিজিবি)ৰ মাজত অৰ্ধবাৰ্ষিক সন্মিলন আৰম্ভ হৈছে ৷ চীনৰ সৈতে ভাৰতৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতেই বাংলাদেশৰ ৰাজধানী ঢাকাত এই সন্মিলন আৰম্ভ হৈছে ৷ সন্মিলনত বিজিবিৰ মহানিৰ্দেশক মেজৰ জেনেৰেল শ্বাফিনুল ইছলামৰ নেতৃত্বত এটা 13জনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছে ৷ বিজিবিৰ মুখ্যালয় পিলখানাত অনুষ্ঠিত হৈছে এই সন্মিলন ৷

বাংলাদেশত বিএছএফ আৰু বিজিবিৰ সন্মিলন
বাংলাদেশত বিএছএফ আৰু বিজিবিৰ সন্মিলন

নিউজ ডেস্ক, 16 ছেপ্তেম্বৰ : ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্ত বাহিনী বাংলাদেশৰ মাজত আজিৰে পৰা আৰম্ভ হৈছে চাৰিদিনীয়া অৰ্ধবাৰ্ষিক সন্মিলন ৷ ঢাকাস্থিত সীমান্ত বাহিনী বাংলাদেশৰ মুখ্যালয় পিলখানাত অনুষ্ঠিত হৈছে এই সন্মিলন ৷ বিএছএফ আৰু বিজিবিয়ে এই সন্মিলনৰ দ্বাৰা দুয়োখন দেশৰ সীমান্ত সুৰক্ষাৰ দিশটোৰ ওপৰত আলোচনাত মিলিত হোৱাৰ উপৰিও দুয়োখন দেশেই আঞ্চলিক সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভতো আলোচনাত মিলিত হ'ব ৷ বাংলাদেশৰ বিজিবিৰ মহানিৰ্দেশক মেজৰ জেনেৰেল শ্বাফিনুল ইছলামৰ নেতৃত্বত এই সন্মিলন আৰম্ভ হৈছে ৷

লগতে পঢ়ক : ভাৰতীয় সেনাই ফাদিল কৰিলে পিএলএৰ শক্তিৰ অৱধাৰণা

সীমান্ত অঞ্চলত দুয়োখন দেশেই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ পৰা আৰম্ভ কৰি সীমা ব্যৱস্থাপনা, ফেন্সিং আৰু উন্নয়নমুলক কাম-কাজৰ ওপৰত আলোচনাত মিলিত হ'ব বিএছএফ আৰু বিজিবি ৷ বিএছএফৰ নৱনিযুক্ত মহানিৰ্দেশক ৰাকেশ অস্থানাই ছয় সদস্যযুক্ত ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিছে ৷ এই দলটোত বিএছএফৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ লগতে বৈদেশিক মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলো আছে বুলি জানিব পৰা গৈছে ৷ বাংলাদেশৰ 13জনীয়া দলটোক নেতৃত্ব প্ৰদান কৰিছে বিজিবিৰ মহানিৰ্দেশক মেজৰ জেনেৰেল শ্বাফিনুল ইছলামে ৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, গৃহ আৰু বৈদেশিক মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ো এই দলটোত আছে ৷

লগতে পঢ়ক : উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত ক্ষীপ্ৰ গতিত চলিছে চীনৰ নিৰ্মাণকাৰ্য

চাৰিদিনীয়া এই আলোচনা অন্ত পৰাৰ পিচতেই যুটীয়া আলোচনাৰ সবিশেষৰ লিপিত স্বাক্ষৰ কৰি ভাৰতীয় দলটোৱে 19 ছেপ্তেম্বৰত নতুন দিল্লীলৈ উভটি আহিব ৷ দুয়োখন দেশৰ বিএছএফ আৰু বিজিবিৰ মাজত 2019ৰ ডিচেম্বৰত শেষবাৰৰ বাবে এই আলোচনা অনুষ্ঠিত হৈছিল ৷ দুয়োখন দেশৰ মাজৰ এই অৰ্ধবাৰ্ষিক সন্মিলন 1975 চনত আৰম্ভ হৈছিল আৰু দুয়োখন দেশৰ 4,096 কিলোমিটাৰ দীঘল সীমান্তৰ বিভিন্ন দিশৰ ওপৰত বছৰত দুবাৰকৈ আলোচনাত মিলিত হোৱাৰ বাবে মান্তি হৈছিল নতুন দিল্লী আৰু ঢাকা ৷

লগতে পঢ়ক : কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.