ETV Bharat / bharat

চীনা সীমান্তত বন্ধ নহয় নিৰ্মাণকাৰ্যঃ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন - ভাৰত-চীন সামৰিক সম্পৰ্ক

ভাৰত-চীন সীমান্তত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা নিৰ্মাণকাৰী সংস্থা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনে মঙলবাৰে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৷ সংস্থাটোৱে চীন সীমান্তৰ কাষত চলি থকা আন্তঃগাঁথনিৰ নিৰ্মাণকাৰ্য কোনো কাৰণতে বন্ধ নহয় বুলি প্ৰকাশ কৰাৰ লগতে নিৰ্মাণকাৰ্য সম্পন্ন কৰিবলৈ ঝাৰখণ্ডৰ পৰা প্ৰায় 11 হাজাৰ শ্ৰমিক কঢ়িয়াই নিবলৈ ৰেল মন্ত্ৰালয়ক 11 খন বিশেষ ৰেলৰ ব্যৱস্থা কৰিবলৈ প্ৰস্তাৱ দিছে ৷

চীনা সীমান্তত বন্ধ নহয় নিৰ্মাণকাৰ্যঃ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন

author img

By

Published : Jun 2, 2020, 8:37 PM IST

নিউজ ডেস্ক, 2 জুনঃ ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ আন্তঃগাঁথনি নিৰ্মাণকাৰ্যত জড়িত প্ৰতিৰক্ষা নিৰ্মাণকাৰী সংস্থা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ ঝাৰখণ্ডৰ 11 হাজাৰ শ্ৰমিকক কৰ্মসংস্থাপন প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে ৷ ইয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰেলৱে মন্ত্ৰালয়ক 11 খন বিশেষ ৰেলৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷ ভাৰত-চীন সীমান্তত চলি থকা নিৰ্মাণকাৰ্য সম্পাদন কৰিবলৈ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনে ইতিমধ্যে 12,000 শ্ৰমিকৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰি ভাৰত-চীন সীমান্তৱৰ্তী লাডাখত চলি থকা নিৰ্মাণকাৰ্য কোনো কাৰণতে স্তব্ধ নহয় বুলি একপ্ৰকাৰে চীনক সকীয়নি প্ৰদান কৰিছে ৷

ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰেলৱে মন্ত্ৰালয়ক 11খনকৈ বিশেষ ৰেলৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷ ঝাৰখণ্ডৰ পৰা প্ৰায় 12,000 শ্ৰমিকক এই বিশেষ ৰেলৰ দ্বাৰা কৰ্মস্থলীলৈ লৈ যোৱা হ'ব ৷ শ্ৰমিকসকলক প্ৰথমে জম্মু আৰু চণ্ডীগড়লৈ লৈ যোৱাৰ লগতে পৰৱৰ্তী সময়ত চীনা সীমান্তৱৰ্তী উত্তৰাখণ্ড, লাডাখ, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰিব বুলি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷

22 মে'ত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ক ঝাৰখণ্ডৰ পৰা 11,815 গৰাকী শ্ৰমিকক কঢ়িয়াই নিবলৈ 11 খন বিশেষ ৰেলৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা আৰু ভাৰতীয় সেনাৰ মাজত সৃষ্টি হোৱা ঘটনাৱলীৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ভাৰত-চীন সীমান্তৱৰ্তী লাডাখৰ চাৰিটাকৈ কূটনৈতিক তথা সামৰিক গুৰুত্বপূৰ্ণ স্থানত চলি থকা নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনক দায়িত্ব প্ৰদান কৰা হৈছিল আৰু বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনে কোনো কাৰণতে এই নিৰ্মাণকাৰ্য বন্ধ নহয় বুলি প্ৰকাশ কৰিছে ৷ মে'ৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত এই স্থানত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনক দায়িত্ব প্ৰদান কৰা হৈছে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সংস্থাটোৱে এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিব বুলি চৰকাৰক জনাইছে ৷ ভাৰত-চীন সীমান্তত চলি থকা এইসমূহ কূটনৈতিক আৰু সামৰিক নিৰ্মাণকাৰ্যৰ ভিতৰত অন্যতম হৈছে লাডাখৰ ডাৰবাক-ছায়ক-দৌলেট বেগ অল্ডি পথ ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ সৈতে শ্ৰমিকৰ যোগদান সন্দৰ্ভত ইতিমধ্যে আলোচনা কৰিছে ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি অধিকাংশ শ্ৰমিকেই ৰাজ্যখনৰ ডুমকা অঞ্চলৰ আৰু তেওঁলোকক কাম প্ৰদান কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যখনে ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে 19 মে'ত এই সন্দৰ্ভত নীতি গ্ৰহণ কৰি শ্ৰমিকৰ সৰবৰাহ কৰা হ'ব বুলি প্ৰকাশ কৰিছিল ৷ উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ তাণ্ডৱৰ মাজতে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনে প্ৰায় 40,000 শ্ৰমিকক পথ আৰু সুৰংগ নিৰ্মাণকাৰ্যত নিয়োজিত কৰিব বুলি প্ৰকাশ কৰিছিল ৷ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনৰ দায়িত্বত থকা সেনা বিষয়া লেফ. জেন. এছএল নৰসিংমহাই প্ৰকাশ কৰা অনুসৰি চীন-ভাৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত চলি থকা এই নিৰ্মাণকাৰ্য সৈন্যবাহিনী আৰু অসামৰিক লোক দুয়োপক্ষৰ বাবেই সমানে গুৰুত্বপূৰ্ণ ৷

একে সময়তে বিগত 15 মে'ত লাডাখ প্ৰশাসনে, এই নিৰ্মাণকাৰ্যত জড়িত হ'বলগীয়া শ্ৰমিকক লৈ তেঁওলোকৰ কোনো অসুবিধা নাই বুলি লিখিতভাৱে জনাইছিল বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনক ৷ অৱশ্যে এইক্ষেত্ৰত সামাজিক দূৰত্ব আৰু 14 দিনৰ আৱশ্যকীয় কোৱাৰেন্টাইনৰ নীতি পালন কৰিবলৈ আহ্বান জনাইছিল লাডাখ প্ৰশাসনে ৷ দেশৰ সৈন্যবাহিনীক ক্ষীপ্ৰতাৰে নিয়োগ কৰিবলৈ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনক 61 টা সামৰিক গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছে আৰু 2022ৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লাভৰ পিছতে প্ৰতিৰক্ষা আন্তঃগাঁথনি নিৰ্মাণখণ্ডৰ সৈতে জড়িত থকা সংস্থাটোৱে ভাৰত-চীন সীমান্তৰ কূটনৈতিক আৰু সামৰিক গুৰুত্বপূৰ্ণ কাম কোনোধৰণৰ পৰিস্থিতিতে বন্ধ নহয় বুলি স্পষ্ট কৰি দিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.