ETV Bharat / bharat

হোম কোৱাৰেন্টাইনত থকা কিশোৰৰ আত্মহত্যা - এইমচ

কৰ্ণাটকৰ মাংগালুৰুত মাতৃৰ সৈতে হোম কোৱাৰেন্টাইনত থকা এগৰাকী ১৫ বছৰীয়া কিশোৰে আত্মহত্যা কৰে । কোটাত অধ্যয়ন কৰা দশম শ্ৰেণীৰ ছাত্ৰজনে কৰ'ণা ভাইৰাছৰ বাবে নিজৰ মাতৃৰ সৈতে হোম কোৱাৰেন্টাইন হৈ আছিল বুলি জানিব পৰা গৈছে ।

boy-in-quarantine-commits-suicide-in-karnataka

author img

By

Published : Jul 8, 2020, 11:40 PM IST

নিউজ ডেস্ক, ৮ জুলাই : কৰ্ণাটকৰ উডুপি জিলাৰ সালিগ্ৰামত নিজৰ মাতৃৰ সৈতে হোম কোৱাৰেন্টাইনত থকা এগৰাকী ১৫ বছৰীয়া যুৱকে আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে । বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য । কোটাত অধ্যয়ন কৰা দশম শ্ৰেণীৰ ছাত্ৰজনে কৰ'ণা ভাইৰাছৰ বাবে নিজৰ মাতৃৰ সৈতে হোম কোৱাৰেন্টাইন হৈ আছিল ।

জানিব পৰা অনুসৰি, ছাত্ৰজন বাহিৰলৈ ওলোৱাতো নিষেধ আছিল যদিও মংগলবাৰে বাহিৰলৈ ওলাই আহিছিল । বৰ্তমান ছাত্ৰজনৰ কোভিড-১৯ পৰীক্ষা কৰাৰ পিচত অন্তিম সৎকাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

একে সময়তে বুধবাৰে জয়পুৰৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰ স্বাস্থ্য বিজ্ঞান ভৱনতো এগৰাকী ৭৮ বছৰীয়া কৰ'ণা ৰোগীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে । ইফালে, দিল্লীৰ এগৰাকী ৩৭ বছৰীয়া সাংবাদিক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ AIIMS Trauma Centre ত চিকিৎসাধীন হৈ থকাৰ পিচত সোমবাৰে চিকিৎসালয়খনৰ চতুৰ্থ মহলাৰ পৰা জাপ দিয়াৰ ফলত মৃত্যু হৈছে ।

লগতে পঢ়ক : প্ৰলয়ংকাৰী বানত প্লাৱিত জোনাইৰ বহু গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.