নেশ্যনেল ডেস্ক, 3 এপ্ৰিলঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ নামে যেন এতিয়া স্থায়ীভাৱে থিতাপি লৈছে মানুহৰ মন মগজুতো ৷ কভিড আৰু কৰ'ণা এই শব্দ দুটাই ধ্বংস আৰু শংকাক সূচায় যদিও, ছত্তীশগড়ৰ এহাল দম্পত্তীয়ে তেওঁলোকৰ সদ্য জন্মপ্ৰাপ্ত যমজ নৱজাতক দুটিক কৰ'ণা আৰু কভিড নামেৰে নামাকৰণ কৰে ৷ তেওঁলোকৰ মতে, এই নৱজাতক দুটি হৈছে কঠিনতাৰ মাজেত বিজয়ৰ প্ৰতীক ৷ দম্পত্তী হালৰ মতে এই নামে তেওঁলোকক কঠিন সময়ৰ মাজতো ৰায়পুৰৰ এখন চৰকাৰী চিকিৎসালয়ত হোৱা সফল প্ৰসৱৰ কথা ৰোমন্থন কৰাব ৷ তথাপিও তেওঁলোকে কয় য়ে, অনাগত সময়ত তেওঁলোকে এই সিদ্ধান্ত সলনি কৰি তেওঁলোকৰ সন্তান দুটিৰ নাম সলনি কৰিবও পাৰে ৷
উল্লেখ্য যে, সন্তান দুটিৰ জন্ম হয় ৰায়পুৰৰ ডঃ বি.আৰ আম্বেদকাৰ চিকিৎসালয়ত ৷ সম্প্ৰতি শিশু দুটি চিকিৎসালয়খনৰ সকলো লোকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷
লগতে পঢ়কঃ COVID-19: ভাৰত চৰকাৰৰ দ্ধাৰা প্ৰস্তুত ম'বাইল এপ্লিকেচন