নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ : দিল্লীৰ বায়ু প্ৰদূষণক লৈ চিন্তা ব্যক্ত কৰিছে বলীউদৰ নামী-দামী তাৰকাই ৷ মুখত মাস্ক পৰিধান কৰি প্ৰকাশ কৰা এখন ফ'টোৰ জৰিয়তে দিল্লীবাসীৰ লগতে গৃহহীনসকলৰ বাবে সহমৰ্মিতা প্ৰদৰ্শন কৰে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ৷ গৃহহীনসকলৰ দুৰৱস্থাৰ কথা প্ৰকাশ কৰি প্ৰিয়ংকাই নিজে 'এয়াৰ পিউৰিফায়াৰ' আৰু 'মাস্ক' ব্যৱহাৰ কৰি সুৰক্ষিত আছে বুলি মন্তব্য কৰে ৷
তেওঁৰ উপৰি বৰ্ষীয়ান অভিনেতা ঋষি কাপুৰেও বায়ু প্ৰদূষণৰ বাবে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷ টুইটাৰৰ জৰিয়তে দিল্লীৰ বায়ুৰ মানদণ্ড নিম্নমানৰ হোৱা বাবে অসন্তুষ্টি প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷
-
True that! pic.twitter.com/IjflixScMh
— Rishi Kapoor (@chintskap) November 3, 2019 " class="align-text-top noRightClick twitterSection" data="
">True that! pic.twitter.com/IjflixScMh
— Rishi Kapoor (@chintskap) November 3, 2019True that! pic.twitter.com/IjflixScMh
— Rishi Kapoor (@chintskap) November 3, 2019
উল্লেখ্য যে,দেওবাৰে দিল্লীৰ বায়ুৰ মানদণ্ড 'নিকৃষ্টমানৰ' বুলি ঘোষণা কৰা হৈছিল ৷ যোৱা কিছু সপ্তাহৰ পৰা দিল্লীত ভয়ংকৰভাৱে বায়ু প্ৰদূষিত হোৱাৰ ফলত ৰাজধানী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল ডাঠ ধুঁৱাই আৱৰি ধৰিছে ৷
আৰু পঢ়ক : ৰোহটগ পাছঃ হিমাচলৰ এইমুহুৰ্তৰ সকলোতকৈ মনোমোহা পৰ্যটনস্থলী